ভূমিকম্পৰ আপডেটঃ চীনৰ সীমান্তৱৰ্তী নেপালৰ কিছুমান জিলাৰ ঘৰৰ আংশিক ক্ষতি
কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। মঙলবাৰে নেপাল-চীন সীমান্তৰ সমীপত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নেপালত অতি সামান্য ক্ষতিসাধন হৈছে। চীনৰ সীমান্তৱৰ্তী পাঁচখন জিলাত প্ৰায় ডেৰ ডজন ঘৰ আৰু এটা আৰক্ষী চকী ভৱন ক্ষতিগ্ৰস্ত হৈছে। কোছি ৰাজ্যৰ ডি আই জি কেশৱ অধিকাৰী
भूकंप से नेपाल में क्षतिग्रस्त मकान


কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। মঙলবাৰে নেপাল-চীন সীমান্তৰ সমীপত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নেপালত অতি সামান্য ক্ষতিসাধন হৈছে। চীনৰ সীমান্তৱৰ্তী পাঁচখন জিলাত প্ৰায় ডেৰ ডজন ঘৰ আৰু এটা আৰক্ষী চকী ভৱন ক্ষতিগ্ৰস্ত হৈছে।

কোছি ৰাজ্যৰ ডি আই জি কেশৱ অধিকাৰীৰ মতে আজি পুৱা সংঘটিত হোৱা ভূমিকম্পৰ ফলত চীনৰ সীমান্তৱৰ্তী ছ’লুখুম্বু, ছানখুৱাছাভা, ওখালডুংগা আৰু তাপলেজুং জিলাৰ কিছু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ওখালধুঙাৰ এটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে আন জিলাৰ ৬টা ঘৰ সামান্য ক্ষতিসাধন হয়। তেওঁ কয় যে দোভান অঞ্চলৰ আৰক্ষী কাৰ্যালয়তো ভূমিকম্পৰ ফলত সামান্য ক্ষতিসাধন হয়। ইয়াৰ বাহিৰে আন ক’তো কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিবলৈ গৃহ মন্ত্ৰালয়ে প্ৰায় দুহেজাৰ আৰক্ষীক মোতায়েন কৰিছে।

গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ দিল কুমাৰ লিম্বুৱে কয় যে নেপাল-চীনৰ সৈতে সংযুক্ত দেশৰ পূব সীমান্তৰ জিলাসমূহলৈ নিৰাপত্তাৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হৈছে। দুৰ্গম আৰু কঠিন জিলা হোৱাৰ বাবে এই জিলাসমূহলৈ ২১০০ নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande