প্ৰধানমন্ত্ৰী অলিৰ নেপালত পেট্ৰলিয়াম সামগ্ৰী আৱিষ্কাৰ কৰাৰ কথা ঘোষণা 
কাঠমাণ্ডু, ০৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নেপালত পেট্ৰলিয়াম সামগ্ৰী উপলব্ধ হোৱাৰ কথা ঘোষণা কৰিছে। যোৱা কেইমাহমানৰ পৰা পেট্ৰলিয়াম সামগ্ৰীৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে নেপালত খননৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী অলিয়ে নিজৰ অফিচিয়ে
নেপালত পেট্ৰলিয়াম সামগ্ৰী আৱিষ্কাৰ কৰাৰ কথা ঘোষণা


কাঠমাণ্ডু, ০৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নেপালত পেট্ৰলিয়াম সামগ্ৰী উপলব্ধ হোৱাৰ কথা ঘোষণা কৰিছে। যোৱা কেইমাহমানৰ পৰা পেট্ৰলিয়াম সামগ্ৰীৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে নেপালত খননৰ কাম চলি আছে।

প্ৰধানমন্ত্ৰী অলিয়ে নিজৰ অফিচিয়েল ফেচবুক পেজৰ এটা পোষ্টৰ জৰিয়তে এই কথা ৰাজহুৱা কৰিছে। নিজৰ ফেচবুক পেজত প্ৰধানমন্ত্ৰী অলিয়ে লিখিছে যে দৈলেখ জিলাত চলি থকা অন্বেষণত ৪০২ মিটাৰ গভীৰতাত পেট্ৰলিয়াম পদাৰ্থৰ নমুনা পোৱা গৈছে, পৰীক্ষাৰ বাবে পঠোৱাৰ পিছত নেপালতো পেট্ৰলিয়াম পদাৰ্থ আছে বুলি নিশ্চিত হৈছে।

অৱশ্যে পেট্ৰলিয়াম সামগ্ৰীৰ নিষ্কাষিত নমুনা ব্যৱসায়িকভাৱে নিষ্কাশনৰ দিশত আগবাঢ়ি যোৱাৰ আগতে পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব। এই আৱিষ্কাৰক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী অলিয়ে ইয়াৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

কোৱা হৈছে যে যোৱা কেইটামান দশক ধৰি দৈলেখ জিলাৰ এই ঠাইখনৰ আশে-পাশে পৃথিৱীৰ পৃষ্ঠত গেছ জ্বলি আছে আৰু পেট্ৰলিয়াম সামগ্ৰী ওলাই আহিছে। পেট্ৰলিয়াম অন্বেষণ আৰু প্ৰসাৰ প্ৰকল্পৰ মুৰব্বী দীনেশ কুমাৰ নপিতৰ মতে, এই অঞ্চলত পেট্ৰলিয়াম সামগ্ৰীৰ অস্তিত্ব নিশ্চিত কৰা কেইবাটাও প্ৰমাণ পোৱাৰ পিছত ২০২৪ চনৰ মে’ মাহত খনন কাম আৰম্ভ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande