ইছলামাবাদ, ০৪ জানুৱাৰী (হি স)। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে আজি যোৱা বছৰৰ ২৬ নৱেম্বৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক গোচৰত নাম উল্লেখ কৰা আৰু ৪০ জন অভিযুক্তক জামিন প্ৰদান কৰে। এটিচিৰ ন্যায়াধীশ আবুল হাছনাত জুলকাৰনাইনে ৫ হাজাৰ টকাৰ জামিন বণ্ডত প্ৰত্যেকৰে জামিন আবেদনত অনুমোদন জনায়। অন্য গোচৰত গ্ৰেপ্তাৰ হোৱা নাই যদি সন্দেহযুক্ত লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে এটিচিয়ে একে ধৰণৰ গোচৰত নাম থকা ৪০০ জন অভিযুক্তৰ জামিন আবেদনৰ ওপৰত ৰায় প্ৰদান কৰে, এআৰআই নিউজ চেনেলে প্ৰকাশ কৰিছে। ন্যায়াধীশ আবুল হাছনাত জুলকাৰনাইনে ১৩টা গোচৰৰ ২৫০জন অভিযুক্তক জামিন মঞ্জুৰ কৰাৰ বিপৰীতে আন ১৫০জন লোকৰ আবেদন নাকচ কৰে। এই সকলোবোৰ গোচৰ বানি গালা থানা, কোহছাৰ থানা, শ্বাহজাদ টাউন থানা আৰু আব পাৰা থানা এলেকাৰ সৈতে জড়িত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া