ঢাকা, ০২ জানুৱাৰী (হি.স.)। বাংলাদেশৰ চট্টোগ্ৰাম আদালতে আজি হিন্দু সাধু চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ জামিন আবেদন নাকচ কৰে। কটকটীয়া নিৰাপত্তাৰ মাজতে আদালতে এই শুনানি গ্ৰহণ কৰে। উভয় পক্ষৰ যুক্তি শুনি ন্যায়াধীশে ব্ৰহ্মচাৰীক জামিন দিবলৈ অস্বীকাৰ কৰে। নৱেম্বৰৰ পৰা কাৰাগাৰত বন্দী হৈ আছে চিন্ময়।
দ্য ডেইলী ষ্টাৰৰ মতে, প্ৰায় ৩০ মিনিট ধৰি দুয়োপক্ষৰ যুক্তি শুনি চাট্টোগ্ৰাম মেট্ৰ’পলিটান চেচনৰ ন্যায়াধীশ এম ডি চাইফুল ইছলামে জামিন আবেদন নাকচ কৰে। মহানগৰৰ ৰাজহুৱা অভিযুক্ত অধিবক্তা মফিজুল হক ভূঞাই এই কথা নিশ্চিত কৰিছে। চিন্ময়ৰ অধিবক্তা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে এতিয়া তেওঁ উচ্চ ন্যায়ালয়ত আবেদন কৰিব। নিৰাপত্তাজনিত কাৰণত আদালতলৈ অনা নহ’ল চিন্ময় কৃষ্ণ দাসক।
উল্লেখযোগ্য যে ২৫ নৱেম্বৰৰ সন্ধিয়া ৪:৩০ বজাত ঢাকা মহানগৰ আৰক্ষীৰ চোৰাংচোৱা শাখাই হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক আটক কৰি ৰাখিছিল। তেতিয়াৰ পৰাই ব্ৰহ্মচাৰী জেলত আছে। তেওঁক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি কেইবাদিনো ধৰি ঢাকাৰ শ্বাহবাগত আৰু চিটাগঙত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৩৮ বছৰীয়া হিন্দু সাধু চিন্ময়ৰ বিৰুদ্ধে দেশদ্ৰোহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চিন্ময় মূলতঃ চট্টগাঁৱৰ সাতকনীয়া উপজিলাৰ বাসিন্দা। তেওঁ ২০০৭ চনৰ পৰা চট্টগ্ৰামৰ হাথাজাৰীস্থিত পুণ্ডাৰিক ধামৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ সনাতন জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাপক। এই মঞ্চই বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বিষয়টো বিশিষ্টভাৱে উত্থাপন কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া