জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ প্ৰৱঞ্চনাক কঠোৰ সমালোচনা কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ
কোকৰাঝাৰ, ০২ জানুৱাৰী (হি.স.)। ৰাজ্য তথা কেন্দ্ৰত শাসন চলোৱা বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিছে৷ জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ প্ৰৱঞ্চনাক কঠোৰ সমালোচনা কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ। মিছা প্ৰতিশ্ৰুতি আৰু প্ৰলোভন দি কোচ ৰাজ
জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ প্ৰৱঞ্চনা, বিজেপি হাটাও ৰাজবংশী বাচাও শ্লোগান কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ।


কোকৰাঝাৰ, ০২ জানুৱাৰী (হি.স.)। ৰাজ্য তথা কেন্দ্ৰত শাসন চলোৱা বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিছে৷ জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ প্ৰৱঞ্চনাক কঠোৰ সমালোচনা কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ।

মিছা প্ৰতিশ্ৰুতি আৰু প্ৰলোভন দি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰা এইখন চৰকাৰ এখন মিছলীয়া আৰু ভেকোভাওনাৰ চৰকাৰ৷ এইদৰে মন্তব্য প্ৰকাশ কৰে নৱ গঠিত কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ এগৰাকী আহ্বায়ক তথা আক্ৰাছুৰ এটি গোটৰ সভাপতি খিতিশ বৰ্মনৰ৷ গোসাইগাঁও প্ৰেছ ক্লাবত আজি উক্ত মঞ্চৰ উদ্যোগত আয়োজন কৰা সংবাদ মেলত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি মুৰ পোলোকা মৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মঞ্চৰ আহ্বায়ক গৰাকীয়ে৷

সংবাদ মেলত বৰ্মনে পুনৰ কয়, বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হব৷ কিন্তু তিনিবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিচতো বিজেপিয়ে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰিবলৈ কোনো আগ্ৰহ আৰু সদিচ্ছা দেখা যোৱা নাই৷

জনজাতিকৰণৰ নামত বাৰে বাৰে কোচ ৰাজবংশী সকলক চৰকাৰে ঠগাই আছে৷ কেৱল ভোটৰ বাবেহে কোচ ৰাজবংশী সকলক ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে ব্যৱহাৰ কৰি আছে৷ কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ কোনো সদিচ্ছা চৰকাৰৰ নাই সেইটো ইতিমধ্যে স্পষ্ট হৈছে৷গতিকে চৰকাৰে কোচ ৰাজবংশী সকলৰ আবেগ আৰু অনুভূতিক পুনৰবাৰ ক্ৰয় কৰিব নোৱাৰে৷

গতিকে এইবেলি বিজেপি হাটাও ৰাজবংশী বাচাও শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ সাজু হৈ আছে বুলি এক প্ৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰিছে নৱ গঠিত সন্মিলিত মঞ্চই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande