ইছলামাবাদ, ০২ জানুৱাৰী (হি.স.)। পাকিস্তানত ২০২৩ চনৰ ৯ মে’ত সংঘটিত হোৱা সংঘৰ্ষত দোষী সাব্যস্ত হোৱা ১৯ জন লোকৰ শাস্তি ৰেহাই দিয়া হৈছে। দেশৰ সামৰিক আদালতে তেওঁলোককে ধৰি ৮৫ জন সাধাৰণ নাগৰিকক দোষী সাব্যস্ত কৰি দুবছৰৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। আজি জাৰি কৰা এক বিবৃতিত সেনাৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)য়ে ঘোষণা কৰে যে ৯ মে’ৰ সংঘৰ্ষৰ সৈতে জড়িত ১৯ জন দোষীৰ দয়া আবেদন মানৱীয় ভিত্তিত গ্ৰহণ কৰা হৈছে।
ডন কাকতৰ তথ্য অনুসৰি আই এছ পি আৰৰ বিবৃতিটোত কোৱা হৈছে যে মুঠ ৬৭ জন দোষীয়ে দয়া আবেদন দাখিল কৰিছে। আপিল আদালতত ৪৮খন আৱেদনৰ প্ৰক্ৰিয়া চলিছে। ১৯ জন দোষীৰ আৱেদন আইনৰ অধীনত সম্পূৰ্ণৰূপে মানৱীয় ভিত্তিত গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে অপসাৰিত প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশত এই সংঘৰ্ষ সংঘটিত হৈছিল। এই সময়ছোৱাত কমেও ১০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে শ শ লোক আহত হয়। প্ৰায় ৪০টা ৰাজহুৱা ভৱন আৰু সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ ভিতৰত বিশিষ্ট - লাহোৰ কৰ্পছ কমাণ্ডাৰ হাউচ (জিন্না হাউচ), লাহোৰৰ আস্কৰী টাৱাৰ, ৰাৱালপিণ্ডিৰ সাধাৰণ মুখ্য কাৰ্যালয় (জি এইচ কিউ), ফৈছালাবাদৰ আই এছ আই অফিচ, চকদাৰাৰ এফ চি ফ’ৰ্ট, পেছাৱাৰৰ ৰেডিঅ’ পাকিস্তান ভৱন, স্বাত মটৰৱে আৰু মিয়ানৱালীৰ টোল প্লাজা পিএএফ বেছ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া