দৰং, ১৩ জানুৱাৰী (হি.স.): ভোগালী বিহুৰ প্ৰাকক্ষণত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰা এজন সন্দেহ জনক চোৰাং চিকাৰীক আটক কৰা হৈছে। দেওবাৰৰ নিশা দৰং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাটিত পুতি থোৱা অৱস্থাত বগৰীবাৰী গাঁৱৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰা হয় ৷
উদ্ধাৰ কৰা অস্ত্ৰৰ ভিতৰত আছে এটা থ্ৰি নট থ্ৰি ৰাইফল, ১১ জাই সজীৱ গুলি, দুটা হস্তনিৰ্মিত ৰাইফল । ইপিনে শ্যামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মদিন মোল্লা নামৰ সন্দেহ জনক চোৰাং চিকাৰী জনক । ধৃত মদিন মোল্লাৰ ঘৰ শ্যামপুৰ থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱত বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত শ্যামপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ