নগাঁও, ১২ জানুৱাৰী (হি.স.)। নগাঁও জিলাত চুৰিৰ ঘটনা বৃদ্ধি পোৱাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। এইবাৰ চুৰি কাণ্ড সংঘটিত হৈছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত, য’ত মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ জড়িততাই সকলোকে আচৰিত কৰি তুলিছে।
নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ অভিজ্যোতি চান্দ আৰু মহম্মদ আশীকে মহাবিদ্যালয়খনৰ পৰা ৭টা ডেস্কটপ আৰু ৭টা চিপিইউ চুৰি কৰি নিয়ে বুলি দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। এ এছ-০১বিকিউ-৯৭২১ নম্বৰৰ এখন বাহনত চুৰি সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তে মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীয়ে হাতে লোটে আটক কৰে ছাত্ৰদ্বয়ক। চুৰি সামগ্ৰী আৰু বাহনসহ চালকজনক আটক কৰিছে আৰক্ষীয়ে।
ধৃত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অভিজ্যোতি চান্দ শিলচৰৰ বাসিন্দা আৰু আনজন ছাত্ৰ মহম্মদ আছিকৰ ঘৰ নগাঁও জিলাৰ জুৰিয়াত । অভিজ্যোতি চান্দ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ, আনহাতে মহম্মদ আছিকে প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি আছে। চালকজনৰ নাম নাজিমুদ্দিন আৰু তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে।
ছাত্রৰ এই চুৰি কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনক লজ্জানত কৰি তুলিছে আৰু ছাত্র-ছাত্রীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ এইসকল ছাত্ৰই পঢ়া-শুনা কৰি থকাৰ সময়ত কিয় এনে অপৰাধত জড়িত হ’ল সেই কথা জানিবলৈ আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া