গুৱাহাটী, ০১ জানুৱাৰী (হি.স.)। বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ চনৰ ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’ আগবঢ়োৱা হৈছে। চিত্রকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে।
প্ৰণিধানযোগ্য যে ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শৰ্মা, কিৰণ শংকৰ, চম্পক বৰবৰা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ শিল্পী চিন্ময় বয়, মিজোৰামৰ চিত্ৰশিল্পী ৰখুমা, অৰুণাচল প্ৰদেশৰ চিত্ৰ ভাস্কৰ্য শিল্পী টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ চিত্ৰশিল্পী বুদ্ধি থাপাক প্ৰদান কৰা হৈছে।
এই বঁটাত আছে এটা সুদৃশ্য স্মাৰকৰ সৈতে এখন প্রশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। উল্লেখ্য যে ১৯৫৮ চনত মাজুলীত জন্মগ্ৰহণ কৰি নদীদ্বীপটোতে শৈশৱ অতিবাহিত কৰা শিল্পী দিলীপ তামুলীয়ে শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলা ভৱনৰ পৰা গ্ৰাফিক্স কলাৰ স্নাতকোত্তৰ ডিপ্লমা অৰ্জন কৰিছিল। এবছৰীয়া ললিত কলা গৱেষণা বৃত্তি লাভ কৰি নতুন দিল্লীত অধ্যয়ন কৰাৰ পাছত তেওঁ ৰয়েল ডেনিছ সাংস্কৃতিক বৃত্তি লাভ কৰি কপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমি অব্ আৰ্টত দুবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷
গুৱাহাটীৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে ৰাজ্যখনৰ চিত্ৰকলাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাত বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। অসম ফাইন আৰ্টছ এণ্ড ক্রাফট ছচাইটিৰ কাৰ্যকৰী সভাপতি হিচাপেও কার্যনিবাহ কৰা শিল্পী তামুলীয়ে সুকুমাৰ কলাৰ সৃষ্টিশীল কার্যত নিজকে জড়িত কৰি ৰাখিছে। বহুসংখ্যক চিত্র প্রদর্শনী, চিত্ৰ কৰ্মশালা আৰু কলা শিবিৰতো অংশগ্ৰহণ কৰা চিত্রশিল্পী দিলীপ তামুলীৰ চিত্রকর্মই দেশে- বিদেশে সন্মান আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া