কোকৰাঝাৰ, ০৩ জানুৱাৰী (হি.স.)। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসর্গিত কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকে।
এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, বিটিচি কাৰ্যবাহী সদস্য উকিল মুচহৰী, প্ৰাক্তন বিধায়ক চান্দি বসুমতাৰী, জিলা আয়ুক্ত মাচন্দা পাৰ্টিন আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানটো সম্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এই দিনটোক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে উন্নত সংযোগ আৰু সাংস্কৃতিক প্ৰচাৰৰ বাবে দীৰ্ঘদিনধৰি প্ৰত্যাশিত ইচ্ছা এতিয়া উপলব্ধি কৰা হৈছে বুলি সন্তুষ্টি ব্যক্ত কৰে। বিটিচি প্ৰধানে উল্লেখ কৰে যে এই পদক্ষেপৰ ফলত গুৰুত্বপূৰ্ণ তথ্য, সাংস্কৃতিক বিনিময় আৰু মনোৰঞ্জনৰ উপলব্ধতা উন্নত হ'ব আৰু এনেদৰে আঞ্চলিক উন্নয়নৰ লগতে সামূহিক সম্পৰ্ক বৃদ্ধি হ'ব। তেওঁ লগতে এনেধৰণৰ দূৰদৰ্শী পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে এই পদক্ষেপে দূৰৱৰ্তী অঞ্চলসমূহতো বাতৰি আৰু তথ্য উপনীত হোৱাটো নিশ্চিত কৰিব যাৰ ফলত অধিক সংযোগ আৰু অন্তৰ্ভুক্তি ঘটিব।
উল্লেখযোগ্য যে ১৯৯৯ চনত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটো এটা ২০ কিলোৱাট মিডিয়াম রেভ ট্রান্সমিটাৰেৰে আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী কালত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত এটা ১০০ ৱাট ক্ষমতাৰ এফ এম ট্রান্সমিটাৰ স্থাপন কৰা হৈছিল যদিও সেই অঞ্চলৰ জনসাধাৰণ আকাশবাণীৰ প্ৰচাৰ সেৱাৰ পৰা বহুলাংশে বঞ্চিত হৈ আছিল। এই নতুন এফ এম ট্রান্সমিটাৰটো ৫ কোটি ৬১ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে আৰু কোকৰাঝাৰত থকা দূৰদৰ্শনৰ পূৰ্বৰ ট্রান্সমিটাৰ টাৱাৰটো ব্যৱহাৰ কৰাৰ ফলত কোকৰাঝাৰ নগৰৰ পৰা ৭০ কিলোমিটাৰ ব্যাসার্ধৰ প্ৰায় ৩০ লাখ জনসংখ্যাক ই সামৰি ল'ব।
এতিয়াৰে পৰা সমগ্ৰ কোকৰাঝাৰ জিলাৰ লগতে চুবুৰীয়া বঙাইগাঁও, ধুবুৰী, চিৰাং আৰু গোৱালপাৰা জিলাৰ শ্ৰোতাসকলে ১০২ মেগাহার্টজত উন্নতমানৰ এফ এম প্ৰচাৰণত আকাশবাণীৰ অনুষ্ঠান শুনিব পাৰিব। কোকৰাঝাৰ কেন্দ্ৰই বড়ো ভাষাৰ লগতে সেই অঞ্চলৰ বহুকেইটা জনগোষ্ঠীৰ জনসাধাৰণে ব্যৱহাৰ কৰা ভাষাত মনোৰঞ্জন, শিক্ষা আৰু তথ্যমূলক অনুষ্ঠান প্ৰচাৰ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ