২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। ২০২৫ বৰ্ষৰ শিল্পী বঁটাৰ বাবে প্ৰথিতযশা কণ্ঠশিল্পী ড. অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভাক মনোনীত কৰা হৈছে। অহা ১৭ জানুৱাৰী, ২০২৫ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্ৰীয়ভাৱে আয়োজিত ২০২৫ বৰ্ষৰ শিল্পী দিৱস অনুষ্ঠানত শিল্পীদ্বয়ক শিল্পী বঁটাৰে সন্মানিত কৰা হ’ব।
লগতে অসমৰ কলা-সংস্কৃতি,সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগাই অহা তিনিগৰাকী বৰেণ্য ব্যক্তিক তিনিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৪ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনক, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী ইীৰা নেওগক আৰু ভীমবৰ দেউৰী বঁটাৰ বাবে বিশিষ্ট সমাজকমী জলেশ্বৰ ব্ৰহ্মক মনোনীত কৰা হৈছে। প্রতিটো বঁটাত আছে দুই লাখ টকাৰ নগদ ধনৰ লগতে প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ।
জনপ্ৰিয় কণ্ঠশিল্পী ড. অনিমা চৌধুৰীৰ জন্ম ১৯৫৩ চনৰ ২৮ ফেব্ৰুৱাৰীত নলবাৰীত। তেখেতে ‘মুকুতা’, ‘পুতলাঘৰ’, ‘প্ৰেম জনমে জনমে’, ‘অৰণ্য’, ‘অগ্নিবৃষ্টি’, ‘ত্ৰিধাৰ৷((বাংলা) আদি কথাছবিৰ গীতত কণ্ঠদান কৰিছে। আকাশবাণী আৰু দূৰদৰ্শনৰ ‘এ গ্ৰেড’ স্বীকৃতিপ্ৰাপ্ত শিল্পীগৰাকীয়ে আধুনিক গীতৰ লগতে বিহুগীত, বনগীত, টোকাৰীগীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৰালপৰীয়া লোকগীত আদিৰ দুকুৰিৰে। অধিক শ্ৰাব্য এলবামত গীত গাইছে।
লোকশিল্পী মুকুল ৰাভাৰ জন্ম ১৯৫৫ চনৰ ১ ডিচেম্বৰত। ‘ৰাভা চায় পিদান’ শীৰ্ষক ৰাভা আধুনিক গীতৰ প্রথমটো শ্ৰাব্য কেছেটৰ লগতে তেখেতে ‘বায়চ্ছকিয়া’, ‘আঘোণৰ পথাৰতে’, ‘সমন্বয়ৰ সুৰ’ আৰু ‘লামদানি পাথাৰি’ আদি লোকসংগীতৰ শ্ৰাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে সংগীত পৰিচালনা কৰিছে। ‘ৰাভা লোকগীতৰ সংকলন ’, ‘লোক সংস্কৃতিৰ সুৱাস বিচাৰি’, ‘ৰাভা লোক কৃষ্টিৰ বিকাশত কিছু চিন্তা’, ‘লোক কৃষ্টিৰ দাপোনত যেন সমন্বয়ৰ ছবি’ আৰু ‘লোক কৃষ্টিৰ পথাৰে পথাৰে’ আদি গ্ৰন্থৰে তেখেতে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে।
১৯৫৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম সুদক্ষ অভিনেত্ৰী ৰেবা ফুকনে বৰ্তমানলৈকে ‘আৱাহন’, ‘কহিনুৰ’, ‘অপূৰ্ব’, মুকুন্দ আদি কেইবাখনো ভ্ৰাম্যমান থিয়েটাৰ আু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয়ৰ লগতে ভাৱনা, আলিদোমোজাত, মাজ নিশাৰ চিঞৰ, সৰাপাতত বসন্ত আৰু নাৰিকলৰ পিঠা আদি নাট পৰিচালনা কৰিছে। ‘এণ্টনী মোৰ নাম’, ‘ৰেলৰ আলিত দূবৰি বন’, ‘জখম’”, ‘প্ৰিয়া অ’ প্ৰিয়া’, ‘ভাগ’, ‘কণিকাৰ ৰামধেনু’, ‘মাঘত মামণিৰ বিয়া’, উজনীৰ দুজনী গাভৰু’, ‘মা তুমি অনন্যা’ ইত্যাদি অনেক অসমীয়া কথাছবিত তেখেতে অভিনয় কৰিছে।
বিশিষ্ট অভিনেত্ৰী ইীৰা নেওগ ‘অসম ষ্টাৰ থিয়েটাৰ’, ‘আৱাহন’, ‘কহিনুৰ’ আৰু ‘হেঙুল’ আদি ভ্ৰাম্যমান ন্যট্যগোষ্ঠীৰ এক পৰিচিত শিল্পী। ‘দেউতা’, ‘মাটিৰ গাড়ী’, শৰাগুৰি চাপৰি’, ‘অসীমত যাৰ হেৰাল সীমা”, ‘ৰাঘজ৷ল’, ‘ক্লিঅপ্ট্ৰো’, ‘আইৰ চকুলো’, ‘শংকৰদেৱ’, ‘কবৰ আৰু কংকাল’, ‘মুখ্যমন্ত্ৰী’, ‘মৃত্যুঞ্জয়’, ‘মহানদী গংগা’ আদি বহু মঞ্চ নাটকত শিল্পীগৰাকীয়ে অভিনয় কৰিছে। ‘জ্ৰীমতী মহীমাময়ী’, ‘'উপপথ’, ‘শেৱালী’, ‘এই দেশ মোৰ দেশ’, ‘শেষ উপহাৰ’ ‘উজনীৰ দুজনী গাভৰু’, ‘গৰম বতাহ’, ‘মন’, ‘ৰিচাং’ আদি তেখেতে অভিনয় কৰা অসমীয়া চিনেমা।
বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মৰ জন্ম ১৯৪৫ চনৰ ১ অক্টোবৰত। ডিমা হাচাও, কাৰ্বি আংলং আৰু বি টি আৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা-ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত সমাজসেৱী গৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতে বড়ো ভাষাৰ বাবে দেবনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে। সদৌ অসম ব্ৰহ্ম ধৰ্ম সভা, বড়ো সাহিত্ত সভা, অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বন্বাসী কল্যাণ আশ্ৰম আদি অনুষ্ঠানৰ জৰিয়তে তেখেতে সমাজৰ হকে সেৱা আগবঢ়াই আহিছে। আজি ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই এক সংবাদমেলযোগে এই ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী