বাক্সাৰ শালবাৰীত ৰাইজে মেৰামতি কৰিলে কাঠৰ দলং 
বাক্সা, ০৫ জানুৱাৰী (হি.স.)। বাক্সাৰ শালবাৰীত ৰাইজে মেৰামতি কৰিলে কাঠৰ দলং। বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগত থকা বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ ৰাইজে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক বাট চাই চাই ভাগৰি পৰি উপায়ন্তৰ হৈ আজি পুৱাৰ পৰাই অঞ্চলটোৰ শতাধিক ৰাইজ
বাক্সাৰ শালবাৰীত ৰাইজে মেৰামতি কৰিলে কাঠৰ দলং 


বাক্সা, ০৫ জানুৱাৰী (হি.স.)। বাক্সাৰ শালবাৰীত ৰাইজে মেৰামতি কৰিলে কাঠৰ দলং। বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগত থকা বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ ৰাইজে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক বাট চাই চাই ভাগৰি পৰি উপায়ন্তৰ হৈ আজি পুৱাৰ পৰাই অঞ্চলটোৰ শতাধিক ৰাইজে হাতেকামে লাগি গ'ল আনন্দ বজাৰ-পাটলা-মানাহ সংযোগী পথটোৰ আনন্দ বজাৰত থকা পুৰণিকলীয়া কাঠৰ দলংখন নিৰ্মাণ কৰিবলৈ৷

বিগত ৭/৮ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা কাঠৰ দলংখনেৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ত্ৰিশখন গাঁওৰ ৰাইজৰ লগতে কেইবা শতাধিক বিদ্যালয়-মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে নিতৌ অহাযোৱা কৰে৷ উল্লেখ্য যে বিপিএফ চৰকাৰৰ দিনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কাঠৰ দলংখনৰ স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰ সলনিৰ পিছতো এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত তিলমানো অগ্ৰগতি নহ'ল৷ যাৰ পৰিণতিত আজি ৰাইজে নিজেই এই দলংখন নিৰ্মাণ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande