বজালীৰ কালদিয়া বনানী বনভোজ স্থলীত লোকে লোকাৰণ্য বনভোজকাৰী দল
বজালী, ০৫ জানুৱাৰী (হি.স.)। ৰাজ্যত বৰ্তমান আৰম্ভ হৈছে বনভোজৰ বতৰ। নতুন বছৰৰ আগমনৰ লগে লগে নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে বজালীৰ কালদিয়া বনানী বনভোজ স্থলীত লোকে লোকাৰণ্য হৈ পৰিছে বনভোজকাৰী দলেৰে। বছৰৰ আৰম্ভনিৰে পৰা অনাবিল প্ৰাকৃতিক পৰিৱেশৰ মাজত কালদিয়া নৈ
বজালীৰ কালদিয়া বনানী বনভোজ স্থলীত লোকে লোকাৰণ্য বনভোজকাৰী দল


বজালী, ০৫ জানুৱাৰী (হি.স.)। ৰাজ্যত বৰ্তমান আৰম্ভ হৈছে বনভোজৰ বতৰ। নতুন বছৰৰ আগমনৰ লগে লগে নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে বজালীৰ কালদিয়া বনানী বনভোজ স্থলীত লোকে লোকাৰণ্য হৈ পৰিছে বনভোজকাৰী দলেৰে।

বছৰৰ আৰম্ভনিৰে পৰা অনাবিল প্ৰাকৃতিক পৰিৱেশৰ মাজত কালদিয়া নৈৰ নৈসৰ্গিক পৰিৱেশৰ মাজত ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলে লগে ভাগে মাছে মঙহে খাই আনন্দ লৈছে।

অতি সুন্দৰ চাফ চিকুণ পৰিৱেশৰ মাজত কালদিয়া বনানীত আধুনিক চুইমিঙ পুল নৌকা বিহাৰৰ উপৰি সৰু লৰা ছোৱালীৰ বাবে থকা বিভিন্ন খেলৰ সামগ্ৰীত খেলি সকলো আত্মহাৰা হৈ পৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande