গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। অসমত এক সুস্থ সফল শৈক্ষিক পৰিৱেশ স্থাপনৰ বাবে সমগ্ৰ অসমৰ বিশ্ববিদ্যালয় সমূহত এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ এক প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি উক্ত প্ৰস্তাৱটি প্ৰদান কৰে।
আজি ৰাজ্যপালক সাক্ষাৎ কৰা এবিভিপি অসম প্ৰদেশৰ প্ৰতিনিধি দলটোত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰীতামণি বৈশ্য, ৰাজ্যিক সম্পাদক হেৰল্ড মহন, ৰাষ্ট্ৰীয় কাৰ্যসমিতি সদস্য মানস প্ৰতীম কলিতা, অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক অনুপ কুমাৰ, সহঃ সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য, তুষাৰ ভৌমিক উপস্থিত থাকে।
অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তথা ইয়াৰ অন্তৰ্ভুক্ত মহাবিদ্যালয় সমূহৰ পৃথকে পৃথকে শৈক্ষিক দিনপঞ্জী হোৱাৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তথা বিদেশৰ বহু বিশ্ববিদ্যালয়ত নামভৰ্তি আদিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে। তদুপৰি নিদিষ্ট সময়তকৈ পলমকৈ পৰীক্ষাৰ ফলাফল ঘোষণা হ'লে ছাত্ৰ-ছাত্ৰীসকলে নিযুক্তৰ সুবিধাৰ পৰা বঞ্চিত হোৱা দেখা পোৱা যায়।
গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দৰে অসমৰ প্ৰায় সকলো বিশ্ববিদ্যালয়ৰ পৃথক পৃথক শৈক্ষিক দিনপঞ্জী থকাৰ বাবে সকলো বিশ্ববিদ্যালয়ে ভিন ভিন সময়ত পৰীক্ষা অনুষ্ঠিত কৰে, ফলাফল ঘোষণা কৰে। পৰীক্ষা আৰু ফলাফলৰ নিচিনাকৈ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বেলেগ বেলেগ সময়ত অনুষ্ঠিত কৰা হয়। সমগ্ৰ অসমত এক সুস্থ শৈক্ষিক পৰিৱেশ সূচনা কৰিবলৈ অসমৰ সকলো মহাবিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়ত এখনেই শৈক্ষিক দিনপঞ্জী প্ৰযোজ্য হোৱাটো আবশ্যক আৰু এই দিনপঞ্জীখনত শৈক্ষিক ভ্ৰমণৰ বাবেও সুবিধা দিয়া হওঁক।
সমগ্ৰ অসমত এখন সাধাৰণ দিনপঞ্জী প্ৰস্তুত কৰি উলিয়াবলৈ অসমৰ মাননীয় ৰাজ্যপালৰ পৌৰহিত্বত এখন উচ্চ ক্ষমতা সম্পন্ন কমিতি গঠন কৰা হওঁক, য'ত অসমৰ মাননীয় শিক্ষা মন্ত্ৰী, শিক্ষা আয়ুক্ত, বিশিষ্ট শিক্ষাবিদ সমন্বিতে সকলো বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ অপেক্ষিত হওঁক। এই সাধাৰণ শৈক্ষিক দিনপঞ্জীখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত প্ৰয়োগ কৰাৰ দায়িত্ব এই সমিতি খনেই গ্ৰহণ কৰক।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী