তিনিচুকীয়া,০৩ জানুৱাৰী (হি.স.)। জাগুনৰ ৯ মাইলৰ ক্ৰেচাৰ মিলৰপৰা বিগত ১৮ ডিচেম্বৰত ৮ জনীয়া অস্ত্ৰধাৰী সন্দেহজনক আলফা সদস্যৰ দ’লে অপহৰণ কৰি নিয়া প্ৰকাশ চেত্ৰীৰ বৰ্তমানও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷
জাগুনৰ ব্যৱসায়ী ক্ৰেচাৰ মিলটোৰ স্বত্বাধিকাৰ কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰপৰা পুৱা ১০ বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি ১৭ টা দিন অতিক্ৰম কৰাৰ পিছতো যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভূগিছে পৰিয়ালবৰ্গ৷ ইফালে উক্ত ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰি আজি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ১২ টাকৈ দল সংগঠনে ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰীৰ ৯ মাইলস্থিত বাসগৃহৰ সন্মূখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ