বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত দালালি কৰা দুজন ব্যক্তিক আটক
বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত দালালি কৰা দুজন ব্যক্তিক আটক।
বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত দালালি কৰা দুজন ব্যক্তিক আটক


বঙাইগাঁও, ০৮ ছেপ্তেম্বৰ (হি.স.): বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত দালালি কৰা দুজন ব্যক্তিক আটক যোৱাকালি শনিবাৰে নিশা আটক কৰা হয়। যোগীঘোপা আৰক্ষীয়ে আটক কৰিছে আয়ুব আলী আৰু মস্তাফা ওৰফে ৰিংকু নামৰ ব্যক্তিদ্বয়ক।

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বঙাইগাঁও জিলা পৰিবহণ বিভাগত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈ আছে । বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ে ভুৱা পৰিচয়েৰে পঞ্জীয়ন কৰিছে প্ৰায় চাৰি শতাধিক বাহন । লাক্ষাদ্বীপৰ ভুৱা পঞ্জীয়নেৰে পুনৰ পঞ্জীয়ন কৰিছে বঙাইগাঁও পৰিবহণ বিষয়াই। ৪১৭ খন বাহন পঞ্জীয়ন কৰি কৰিছে বৃহৎ কেলেংকাৰী । ঘটনা সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰৰ শীৰ্ষ পৰিৱহন বিষয়াই বঙাইগাঁৱৰ পৰিবহন কাৰ্যালয়ৰ নথি পত্ৰ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে ৷ তাৰ মাজতে যোৱা নিশা যোগীঘোপাৰ পৰা কাৰ্যালয়টোত দালাল কৰা দুই ব্যক্তিক আটক কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ সম্প্ৰতি দুই দালালক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande