অৱশেষত আৰক্ষীৰ জালত পৰিল হেজেক্স ট্ৰেডিং এপৰ নামনি অসমৰ মূল নায়ক আব্দুল হাই
অৱশেষত আৰক্ষীৰ জালত Hedgex ট্ৰেডিং এপৰ নামনি অসমৰ মূল নায়ক আব্দুল হাই ৷
অৱশেষত আৰক্ষীৰ জালত পৰিল হেজেক্স ট্ৰেডিং এপৰ নামনি অসমৰ মূল নায়ক আব্দুল হাই


বঙাইগাঁও, ০৮ ছেপ্টেম্বৰ (হি.স.) : অৱশেষত আৰক্ষীৰ জালত পৰিছে হেজেক্স (Hedgex) ট্ৰেডিং এপৰ নামনি অসমৰ মূল নায়ক আব্দুল হাই ৷ নামনি অসমৰ বৰপেটা, বঙাইগাঁৱত হাজাৰ হাজাৰ লোকক প্ৰতাৰণা কৰি ৮০ কোটিৰো অধিক টকা লুণ্ঠন কৰা আব্দুল হাইক কালি নিশা অভয়াপুৰী আৰক্ষীয়ে বৰপেটাৰ পৰা আটক কৰে ৷

হেজেক্স নামৰ ট্ৰেডিং এপটো অসমত সৰ্বপ্ৰথম আনিছিল এই আব্দুল হাইয়ে ৷ সৰ্বসাধাৰণ লোকক কম টকা বিনিয়োগ কৰি অধিক টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰিছিল বহু লোকক। আনহাতে কম সময়ত কম টকাত অধিক লাভৰ আশাত বহু লোকে এই ট্ৰেডিং এপত টকা বিনিয়োগ কৰিছিল ৷ বিনিয়োগ কৰা লোকসকলৰ ভিতৰত ব্যৱসায়ী, চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকো থকা বুলি জানিব পৰা গৈছে ৷ আব্দুল হাইৰ লুণ্ঠনৰাজৰ বাতৰি পোনপ্ৰথমে দ্যা নিউজ প্লাছে য়ে প্ৰচাৰ কৰিছিল । আৰু তাৰপিছতে এটা সংগঠনে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছিল । কালি নিশা উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া কৰ্ণভ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে বৰপেটাৰ পৰা আটক কৰে আব্দুল হাইক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande