হত্যাকাণ্ডৰ চাৰিদিন পিছতো অভিযুক্তক গ্ৰেপ্তাৰ নোহোৱাত গাঁওবাসীৰ প্ৰতিবাদ সাব্যস্ত
নলবাৰী, ০৭ ছেপ্টেম্বৰ (হি.স.)। নলবাৰী জিলাৰ মুকালমুৱা বদনি আখিয়া অঞ্চলত এজন যুৱকৰ হত্যাকাণ্ডক লৈ আজি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায়। স্থ
নলবাৰী জিলাৰ মুকালামুৱা অঞ্চলত হত্যাকাণ্ডৰ বিৰুদ্ধে গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে


নলবাৰী, ০৭ ছেপ্টেম্বৰ (হি.স.)। নলবাৰী জিলাৰ মুকালমুৱা বদনি আখিয়া অঞ্চলত এজন যুৱকৰ হত্যাকাণ্ডক লৈ আজি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায়।

স্থানীয় ৰাইজে জনোৱা মতে, ৩ ছেপ্টেম্বৰত মুকালামুৱাৰ বদনি আখিয়া অঞ্চলত হজৰত আলী আৰু মোজাফ্ফাৰ আলী নামৰ দুটা পৰিয়ালৰ মাজত কাজিয়া হৈছিল। একেখন গাঁৱৰ বাবুল আলীৰ পুত্ৰ আব্দুল আলীয়ে এই কাজিয়াৰ সময়ত হস্তক্ষেপ কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল। ইফালে কাজিয়াত লিপ্ত লোকসকলে চোকা অস্ত্ৰৰে আব্দুল আলীক আক্ৰমণ কৰে। পিছত আব্দুল আলীৰ মৃত্যু হয়।

ঘটনাৰ চাৰিদিন পিছতো আৰক্ষীয়ে অভিযুক্তক ধৰিব পৰা নাই। যাৰ বাবে শনিবাৰে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande