লামডিঙত ড্ৰাগছসহ এজনক আটক
লামডিঙত ড্ৰাগছ সহ এজনক আটক।
লামডিঙত ড্ৰাগছসহ এজনক আটক


হোজাই, ১৬ ছেপ্টেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিঙত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।অলিয়ে গলিয়ে ড্ৰাগছে ভৰি পৰিছে ৰে'ল চহৰ লামডিং। ড্ৰাগছৰ কৱলত পৰি একাংশ যুৱপ্ৰজন্মৰ ভবিষ্যত ধ্বংসৰ পথলৈ গতি কৰিছে। ইয়াৰ মাজতে যোৱা কালি দেওবাৰে নিশাৰ ভাগত লামডিং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ সহ এজনক আটক কৰিবলৈ সক্ষম হয়।

লামডিং ডিফু সংযোগি ৰাজ পথত আৰক্ষীয়ে অভিযান চলাই পৰিতোষ লামা নামৰ এজন যুৱকক আটক কৰাৰ লগতে উদ্ধাৰ কৰে ২৮ গ্ৰাম ড্ৰাগছ সহ দুটা চিৰিঞ্জ। লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শশধৰ কলিতাৰ নেতৃত্বত চলাইছিল এই অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande