দুখন চুৰি বাইকৰ সৈতে দুজনক আটক
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ নুনমাটি আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত বাইক চুৰিৰ গোচৰত জড়িত দুজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, মেঘালয় আৰক্ষীৰ সহযোগত নুনমাটি থানাৰ চিজিপিডিৰ এটা দলে এ এছ-০১এফএম-৪৮৬৮ আৰু এএছ
চোৰ আটক


গুৱাহাটী, ১৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ নুনমাটি আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত বাইক চুৰিৰ গোচৰত জড়িত দুজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে।

বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, মেঘালয় আৰক্ষীৰ সহযোগত নুনমাটি থানাৰ চিজিপিডিৰ এটা দলে এ এছ-০১এফএম-৪৮৬৮ আৰু এএছ-০১ এফৱাই-৭০২৫ নম্বৰৰ দুখন চুৰি বাইকসহ দুজন চোৰক গ্ৰেপ্তাৰ কৰিছে। মেঘালয় আৰক্ষীৰ সহায়ত লাড্ৰিম্বিনৰ পৰা উদ্ধাৰ কৰে চুৰি বাইকখন।

এই গোচৰত আনন্দ নগৰৰ পৰা দুই বাইক চোৰ মহম্মদ আলতাফুদ্দিন লস্কৰ আৰু টাইমুৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত এফআইআৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande