হাজোৰ এজন‌ ড্ৰাগছ ব্যৱসায়ী আটক
হাজোৰ এজন‌ ড্ৰাগছ ব্যৱসায়ী আটক।
হাজোৰ এজন‌ ড্ৰাগছ ব্যৱসায়ী আটক


কামৰূপ, ১৯ ছেপ্টেবৰ (হি.স.): হাজোৰ বৰ্ণিত যোৱাকালি নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী‌ অভিযান চলায়। এই অভিযানত আটক হয় বুবুল আলী নামৰ এজন‌ ড্ৰাগছ ব্যৱসায়ী। বুবুলৰ ঘৰৰ পৰা ৩টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ‌ লগতে নগদ ৪০,০০০ টকা, এখন মটৰ‌ চাইকেল আৰু এটা মোবাইল ফোন জব্দ কৰা হৈছে।

দীৰ্ঘ দিনে বুবুল আলী নামৰ যুৱক জন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। জব্দকৃত‌ ড্ৰাগছ খিনি নিষিদ্ধ হেৰʼইন পাউদাৰ বুলি‌ সন্দেহ কৰে আৰক্ষীয়ে। হাজো থানাৰ পৰিদৰ্শক নৱজিত নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande