উপহাৰ কুপন খেলৰ নামত লটাৰীয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্য
উপহাৰ কুপন খেলৰ নামত লটাৰীয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্যত।
উপহাৰ কুপন খেলৰ নামত লটাৰীয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্য


নলবাৰী, ১৯ ছেপ্টেম্বৰ (হি.স.): উপহাৰ কুপন খেলৰ নামত লটাৰীয়ে সমগ্ৰ ৰাজ্যত চানি ধৰিছে । সৰ্থেবাৰীৰ বনিয়াকুছিত যোৱাকালি বিয়লি ৰাইজৰ হাতত ধৰা পৰিল উপহাৰ কুপন খেলৰ নামত ভুৱা টিকেট বিক্ৰেতা। টিকট বিসঙ্গতিত ৰাইজে ধৰিলে চাৰি টিকট বিক্ৰেতাক। বৰমা বাৰোৱাৰী দূৰ্গামন্দিৰ নিৰ্মাণৰ সাহায্যৰ্থে অনুষ্ঠিত কৰা উপহাৰ কুপনক লৈ বিসঙ্গতি ধৰা পৰিছিল।

ধৃত তিনি টিকেট বিক্ৰেতা ক্ৰমে নলবাৰীৰ সুৰজ আহমেদ, ফাৰুক আলী, চৰিফুদ্দিন আলী আৰু মফিদুল আলী বুলি পৰিচয় পোৱা গৈছে। লগতে টিকট বিক্ৰীৰ বাবে অনা বাহন জব্দ কৰা হয়। পিছত আৰক্ষীক গতাই দিয়া হয় ভূৱা টিকট বিক্ৰেতাক। টিকট বিক্ৰেতা কেইজনৰ পৰা বহু টিকট, ম’বাইল ফোন আৰু এএছ ০১ এমএ ৫৭৪৪ নম্বৰৰ এখনি চাৰিচকীয়া বাহন জব্দ কৰি সৰ্থেবাৰী আৰক্ষী থানালৈ লৈ যায় ৷ আৰক্ষীৰ তদন্তত এতিয়া সমগ্ৰ ঘটনাৰ ৰহস্য ওলাই পৰিব বুলি আশাবাদী ৰাইজ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande