তেজপুৰত বনকৰা মহিলাৰ আক্ৰমণত গুৰুতৰভাবে আহত প্ৰতিৱেশী মহিলা
শোণিতপুৰ, ১৮ ছেপ্টেম্বৰ (হি.স)। বিশ্বকৰ্মা পূজাৰ ধামখুমীয়াৰ মাজতে যোৱা কালি মঙ্গলবাৰে তেজপুৰত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা৷ এগৰাকী বনকৰা মহিলাই চোকা অস্ত্ৰৰে কৰা আক্ৰমণত গুৰুতৰ ভাবে আহত হয় পূজাৰ প্ৰসাদ খাবলৈ অহা এগৰাকী মহিলা৷ ঘটনাৰ বিৱৰণী অনুসৰি,তেজপু
তেজপুৰত বনকৰা মহিলাৰ আক্ৰমণত গুৰুতৰভাবে আহত প্ৰতিৱেশী মহিলা


শোণিতপুৰ, ১৮ ছেপ্টেম্বৰ (হি.স)। বিশ্বকৰ্মা পূজাৰ ধামখুমীয়াৰ মাজতে যোৱা কালি মঙ্গলবাৰে তেজপুৰত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা৷ এগৰাকী বনকৰা মহিলাই চোকা অস্ত্ৰৰে কৰা আক্ৰমণত গুৰুতৰ ভাবে আহত হয় পূজাৰ প্ৰসাদ খাবলৈ অহা এগৰাকী মহিলা৷

ঘটনাৰ বিৱৰণী অনুসৰি,তেজপুৰৰ ধনোৱা নগৰৰ সমীপৰ নিপ বৰাৰ বাসগৃহলৈ কালি দুপৰীয়া বিশ্বকৰ্মা পূজা উপলক্ষে প্ৰতিবেশী ত্ৰিদিশা বৰুৱা ওৰফে টিনা নামৰ মহিলা গৰাকী আহিছিল আমন্ত্ৰণ মৰ্মে৷ বাৰাণ্ডাত ত্ৰিদিশা টিনা বহি কথা পাতি আছিল গৃহস্থ বৰাৰ ভাইবোৱাৰীৰ স’তে ৷ দিনৰ প্ৰায় দুই বজাত এইদৰে কথাবতৰা পাতি থকাৰ সময়তে বৰাৰ ঘৰত প্ৰায় ডেৰবছৰ ধৰি কাম বন কৰা গোটলোং অঞ্চলৰ আচমা খাতুন নামৰ মহিলাগৰাকীয়ে বৰাৰ ভাইবোৱাৰীয়েকক ভিতৰলৈ মাতিছে বুলি কয় ৷ তেতিয়া মহিলাগৰাকী ভিতৰলৈ যোৱাৰ পাছতেই বাৰাণ্ডাত অকলে বহি থকা ত্ৰিদিশা বৰুৱাক এখন চোকা দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে আচমাই৷ মূৰত দুটা আৰু গালত এটা আঘাত পোৱা ত্ৰিদিশা মজিয়াত বাগৰি পৰাৰ সময়ত আচমাই হাতত দাখন লৈয়েই পলায়ন কৰে৷ আচমাই হাতত দালৈ পলায়ন কৰা পৰোৱা মহাভৈৰৱ সংযোগী পথত বহুতেই দেখিছিল যদিও সেই সময়ত এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ চলোৱা বুলি কোনেও ভবা নাছিল৷

ইপিনে বৰাৰ ঘৰৰ বাৰাণ্ডাত তেজৰে তুমুৰলি হৈ পৰি থকা ত্ৰিদিশাক ডৰিকা নামৰ চিকিৎসালয়খনত ভৰ্ত্তি কৰাৰ বিপৰীতে ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱা হয়৷ এই খৱৰ লাভ কৰি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস চিকিৎসালয়ত উপস্থিত হৈ আহত মহিলা গৰাকীৰ পৰা ঘটনাৰ বুজ লয়৷ইপিনে মহাভৈৰৱ আৰক্ষীয়ে গোটলোঙৰ ঘৰৰ পৰা অভিযুক্ত আচমাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখযোগ্য যে,আহত মহিলাগৰাকীৰ স’তে আক্ৰমণকাৰী আচমাৰ কোনো সম্পৰ্ক নথকাত এই লোমহৰ্ষক ঘটনাটো আচমাই কিয় সংঘটিত কৰিলে সেয়া এক ৰহস্য হৈ আছে৷ প্ৰণিধানযোগ্য যে, যিটো পৰিয়ালৰ বাসগৃহৰ বাৰাণ্ডাত পৰিয়ালটোৰ বনকৰা মহিলা আচমাই এই ঘটনাটো সংঘটিত কৰিলে, সেই পৰিয়ালটোৰ ঘৰতে ২০বছৰৰ অধিক কাল আচমাৰ স্বামী কৰিম আলিয়ে কামবন কৰিছিল আৰু কৰিমৰ মৃত্যুৰ পিছৰ পৰা আচমাই ইয়াত কাম কৰিবলৈ লোৱাৰ কথা প্ৰকাশ কৰি গৃহস্থ বৰাই কয় যে, ঘটনাৰ সময়ত তেওঁ কাৰ্যালয়ত আছিল৷এই ঘটনাৰ পাছতে স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কাৰণবিহীন ভাবে এগৰাকী বনকৰা মহিলাই চলোৱা এনে আক্ৰমণকলৈ শংকিত হৈ পৰিছে৷ ইপিনে সম্প্ৰতি চিকিৎসাধীন মহিলাগৰাকী সংকটমুক্ত বুলি চিকিৎসালয়খনৰ সূত্ৰই প্ৰকাশ কৰিছে৷

ReplyForward

Add reaction

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande