গৌৰীপুৰ আলমগঞ্জত চোৰৰ উপদ্ৰৱ
চোৰৰ উপদ্ৰৱত চিন্তিত আলমগঞ্জ বজাৰৰ ব্যৱসায়ী সকল।
গৌৰীপুৰ আলমগঞ্জত চোৰৰ উপদ্ৰৱ


ধুবুৰী, ১৯ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ আলমগঞ্জ দ্বিতীয় খণ্ড গাওঁত বেৰৰ টিনপাত খুলি লৈ যোৱা অৱস্থাত কেইদিন মান পূৰ্বে দুটাকৈ গভাইত চোৰক আটক কৰে স্থানীয় ৰাইজে। পিছত চোৰ দুটাক গৌৰীপুৰ আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে।

উল্লেখ্য যে, আলমগঞ্জ বজাৰত থকা ফুলচান্দ আলীৰ লাইব্ৰেৰীৰ গুদামৰ পৰা কলমৰ কাটুন এটা চুৰ হৈছিল। চুৰি হোৱা কলমৰ কাৰ্টুন চোৰে আনজন লাইব্ৰেৰীৰ মালিক ওচমান গনিৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি চোৰ দুটাৰ লগতে ওচমান গণিৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ফুলচান্দ আলীয়ে। এই ঘটনাক লৈ অঞ্চল জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ফুলচান্দ আলীৰ অভিযোগ উদ্দেশ্য প্ৰণিত বুলি মন্তব্য কৰে কিতাপ পত্ৰৰ পাইকাৰী ব্যৱসায়ী ওচমান গণিয়ে।

ফুলচান্দ আলীৰ লাইব্ৰেৰীত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে ফুলচান্দ আলীয়ে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ওলোটা অভিযোগ উত্থাপন কৰিছে পাইকাৰী ব্যৱসায়ী ওচমান গণিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande