মহানগৰীত দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে চুৰিৰ ঘটনা সন্দৰ্ভত সোণ-ৰূপৰ গহণা আৰু এখন বাইকসহ চুৰিৰ লগত জড়িত এজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, বশিষ্ঠ থানাৰ ইজিপিডিৰ দলে মঙলবাৰে নিশা এটা চোৰক গ্ৰেপ্তাৰ কৰে।
চোৰ গ্ৰেপ্তাৰ


গুৱাহাটী, ১৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে চুৰিৰ ঘটনা সন্দৰ্ভত সোণ-ৰূপৰ গহণা আৰু এখন বাইকসহ চুৰিৰ লগত জড়িত এজন দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, বশিষ্ঠ থানাৰ ইজিপিডিৰ দলে মঙলবাৰে নিশা এটা চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰটোৰ নাম পুপুল আলী (২৯, বৰপেটা) বুলি জানিব পৰা গৈছে।

ধৃত অভিযুক্তৰ পৰা এটা মোবাইল হেণ্ডছেট, সোণেৰে নিৰ্মিত ২টা মংগলসূত্ৰ, সোণৰ ৬টা খাৰু, ৰূপৰ ৩টা পায়েল, সোণৰ ২টা কাণফুলি আৰু ১ লাখ ৫০ হাজাৰ টকাৰ নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা সামগ্ৰীৰ উপৰিও চুৰি কাৰ্যত ব্যৱহাৰ কৰি থকা এএছ ০১ ইএছ ০২৮৪ নম্বৰৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande