নগাঁৱৰ জুৰীয়াত আৰক্ষী অভিযানত হত্যাকাণ্ডত অভিযুক্ত এজনক আটক
নগাঁও, ১৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । ছফিকুল ইছলাম হত্যাকাণ্ডৰ মুল অভিযুক্ত ছাহজাহান আলীক আটক কৰা হৈছে। পৰকীয় প্ৰেমৰ প্ৰতিশোধত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য় যে একে গাঁৱৰে ছাহজাহান আলীৰ পত্নীক পলুৱ
নগাঁৱৰ জুৰীয়া আৰক্ষীৰ বৃহৎ সফলতা ।


নগাঁও, ১৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । ছফিকুল ইছলাম হত্যাকাণ্ডৰ মুল অভিযুক্ত ছাহজাহান আলীক আটক কৰা হৈছে। পৰকীয় প্ৰেমৰ প্ৰতিশোধত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য় যে একে গাঁৱৰে ছাহজাহান আলীৰ পত্নীক পলুৱাই লৈ গৈছিল একে গাঁৱৰে ছফিকুল ইছলামে।

ইয়াৰ প্ৰতিশোধ তুলি ছফিকুল ইছলামক ছাহজাহান আলীয়ে তৰোৱালেৰে ঘাপ দি হত্যা কৰাৰ অভিযোগ উঠে। জুৰীয়া আৰক্ষীয়ে ছাহজাহানক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande