মৈৰাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এজন
মৈৰাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এজন।
মৈৰাবাৰী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এজন


মৰিগাওঁ, ১৫ ছেপ্টেম্বৰ (হি.স.): মৈৰাবাৰী আৰক্ষীৰ অভিযানত যোৱা কালি শনিবাৰে নিশা ড্ৰাগছসহ এজন লোকক আটক কৰা হয়। মৈৰাবাৰী আৰক্ষী থানাৰ এদল আৰক্ষীয়ে চলোৱা অভিযানত ১৬ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰসহ এজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজন লেংৰিবৰী গাঁৱৰ আনাৰুল হক বুলি পৰিচয় পোৱা গৈছে।

এক গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী আৰক্ষীৰ দলটিয়ে ড্ৰাগছ খিনি লেংৰিবৰী গাঁৱৰ আনাৰুল হকৰ ঘৰত অভিযানত জব্দ কৰে। ধৃত আনাৰুল হকক বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande