মানকাচৰত আটক ৫ গৰাকী বাংলাদেশী নাগৰিক
মানকাচৰত আটক ৫ গৰাকী বাংলাদেশী নাগৰিক।
মানকাচৰত আটক ৫ গৰাকী বাংলাদেশী নাগৰিক


দক্ষিণ শালমাৰা মানকাচৰ, ১৬ ছেপ্টেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰত আটক হৈছে ৫ গৰাকী বাংলাদেশী নাগৰিক। কালি নিশা মানকাচৰ আৰক্ষীৰ নাকা তালাচীৰ সময়ত অসম মেঘালয়ৰ সীমান্তৰ মানকাচৰৰ মিৰজুমলা পথত আটক কৰে বাংলাদেশী নাগৰিক কেইজনক।

ধৃত বাংলাদেশী নাগৰিক ৫ জনৰ দুজন পুৰুষৰ বিপৰীতে তিনিগৰাকী মহিলা বুলি জানিব পৰা গৈছে। ধৃত বাংলাদেশী নাগৰিক কেইজন মেঘালয়ৰ ডালু অঞ্চলৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা কালি দেওবাৰে নিশা প্ৰায় ৯ বজাত আৰক্ষীৰ নাকা তালাচীৰ সময়ত ধৃত বাংলাদেশী কেইগৰাকী মেঘালয়ৰ পৰা এখন টেম্পুৰে মানকাচৰত অহাৰ সময়তে আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে আটক কৰা ধৃত বাংলাদেশী পাঁচ গৰাকী ক্ৰমে আকাশ হুছেইন, ছফিকুল মণ্ডল, ছাবিনা আফতান, ছানতা বেগম আৰু পিংকি আখতাৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক মানকাচৰ থানাত উপস্থিত হৈ ধৃত কেইজনক সোধ পোচ চলাব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande