চামগুৰি আৰক্ষীৰ বৃহৎ তেল চুৰি চক্ৰ উৎখাত
চামগুৰি আৰক্ষীয়ে উৎখাত কৰে বৃহৎ তেল চুৰি চক্ৰ।
চামগুৰি আৰক্ষীৰ বৃহৎ তেল চুৰি চক্ৰ উৎখাত


নগাঁও, ১৬ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ আৰক্ষীয়ে তেল চুৰি কাৰ্যৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। যোৱা কালি দেওবাৰে নিশা চামগুৰি আৰক্ষীয়ে উৎখাত কৰে বৃহৎ তেল চুৰি চক্ৰ। জব্দ কৰে তেল চুৰি কাণ্ডত ব্যৱহাৰ কৰা এএছ ০২ এচি ৭৭৮৯ পঞ্জীয়ন নম্বৰৰ এখন বলেৰ' পিকাপ বাহন।

চামগুৰিৰ ৰঙাগড়াত উৎখাত দীৰ্ঘ দিন ধৰি চলি থকা তেল চুৰি চক্ৰৰ এটা বৃহৎ ঘাটি। ৰঙাগড়াৰ গণপতি লাইন হোটেলত চলি আছিল এই কাৰ্য্য।তেল ভৰ্ত্তি টেংকাৰৰ লগতে অন্য বাহনৰ পৰা কৰি আহিছিল তেল চুৰি। নিশা তেল চুৰি কৰি সৰবৰাহ কৰিব লওঁতেই হাতে-লোটে ধৰা পৰে দুজননকৈ ব্যক্তি। প্ৰথমে আটক হোৱা দুই ব্যক্তিৰ স্বীকাৰ উক্তিত ৰঙাগড়াৰৰ ভোমোৰাগুৰিত তেল চোৰ কৰি মজুত কৰি ৰখা এটা গৃহত অভিযান চলাই উদ্ধাৰ কৰে পাঁচটা তেল ভৰ্ত্তি ড্ৰাম সহ প্ৰায় আঠশ লিটাৰ চোৰাং তেল। তেল চুৰি কাণ্ডৰ লগত জড়িত ৰঙাগড়াৰ গণপতি লাইন হোটেলৰ মালিক সহ তিনি জন ব্যক্তিক চামগুৰিৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী, ইতিমধ্যে চামগুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande