দেৰগাঁৱত পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ
গোলাঘাট, ০৭ ছেপ্তেম্বৰ (হি.স.)। দেৰগাঁৱত আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। দেৰগাঁও নাৰিকলগুৰিত ডিমাপুৰৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহি বাছৰ পৰা ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰে দুজন সৰবৰাহকাৰীক। ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছ
দেৰগাঁৱত পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ


গোলাঘাট, ০৭ ছেপ্তেম্বৰ (হি.স.)। দেৰগাঁৱত আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। দেৰগাঁও নাৰিকলগুৰিত ডিমাপুৰৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহি বাছৰ পৰা ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰে দুজন সৰবৰাহকাৰীক।

ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল যুৱক দুজনে । দুয়োজন সৰবৰাহকাৰীৰ পৰা কেইবাটাও কন্টেইনাৰত ভৰাই অনা প্ৰায় পঁয়ত্ৰিশ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। সৰবৰাহকাৰী দুজন পশ্চিম কাৰ্বি আংলঙৰ বিকি সিংহ আৰু অৰুনাচলৰ অজয় ৰাজবংশী বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি গোলাঘাট আৰু দেৰগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত একাংশ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে,যদিও আৰক্ষীৰ চকুত ধূলি মাৰি ন ন কৌশলেৰে উক্ত বেআইনী বেহা চলাই গৈছে একাংশ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande