কংগ্ৰেছ বৰ্তমান দিশহাৰা হৈছেঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা
কামৰূপ, ১৬ ছেপ্তেম্বৰ (হি.স.)। বিজেপিৰ দিনত চিণ্ডিকেট বাঢ়ি যোৱা বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । কংগ্ৰেছ বৰ্তমান দিশহাৰা হৈছে । সেয়ে তালফাল লগাই আছে । ভবেশ কলিতাৰ মন্তব্য,কংগ্ৰেছ দলৰ নেতা সকলে হ
কংগ্ৰেছ বৰ্তমান দিশহাৰা হৈছেঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা


কামৰূপ, ১৬ ছেপ্তেম্বৰ (হি.স.)। বিজেপিৰ দিনত চিণ্ডিকেট বাঢ়ি যোৱা বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । কংগ্ৰেছ বৰ্তমান দিশহাৰা হৈছে । সেয়ে তালফাল লগাই আছে ।

ভবেশ কলিতাৰ মন্তব্য,কংগ্ৰেছ দলৰ নেতা সকলে হীনমন্যতাত ভূগী ক'ত কি কয় হিচাপ নোহোৱা হৈছে। ট্ৰেডিঙত যুৱ কংগ্ৰেছৰ সভাপতি জড়িত হৈ থকা বুলিও কয় ভবেশ কলিতাই । এপিএছচি কেলেংকাৰিৰ নায়ক ৰাকেশ পালক কোনে সৃষ্টি কৰিছিল কংগ্ৰেছক এই বিষয়ে প্ৰশ্নও কৰে ভবেশ কলিতাই । কংগ্ৰেছে ৰাজ্যখনক পমুৱাৰ চৰনীয়া পথাৰ সজাবলৈ গৈছে বুলি ধিক্কাৰ দিয়ে সভাপতি ভবেশ কলিতাই । কংগ্ৰেছ দলক খিলঞ্জীয়াৰ হৈ মাত মাতিবলৈকো আহ্বান জনাই সভাপতি গৰাকীয়ে

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande