শোণিতপুৰৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ
Assam, 18 ছেপ্টেম্বৰ (হি.স.) শোণিতপুৰৰ গাঁও পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশঃসংখ্যা বৃদ্ধিঃ চতিয়াৰ চাৰি পঞ্চায়ত শোণিতপুৰত অন্তৰ্ভুক্তঃনতুন দুখন পঞ্চায়ত গঠনৰ প্ৰস্তাৱ শোণিতপুৰৰ, ১৮ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ
শোণিতপুৰৰ গাঁও পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশঃ


Assam, 18 ছেপ্টেম্বৰ (হি.স.)

শোণিতপুৰৰ গাঁও পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশঃসংখ্যা বৃদ্ধিঃ চতিয়াৰ চাৰি পঞ্চায়ত শোণিতপুৰত অন্তৰ্ভুক্তঃনতুন দুখন পঞ্চায়ত গঠনৰ প্ৰস্তাৱ

শোণিতপুৰৰ, ১৮ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ উন্নয়ন খণ্ডৰ সংখ্যা পূৰ্বৰ সাতখনৰ ঠাইত আঠখনলৈ বৃদ্ধি হৈছে আৰু গাঁও পঞ্চায়তৰ সংখ্যা পূৰ্বৰ ৮২ খনৰ ঠাইত ৮৮ খনলৈ হৈছে ৷ একেদৰে পূৰ্বৰ ১৯ খন জিলা পৰিষদৰ ঠাইত এতিয়া এই সংখ্যা ২০ খন হৈছে। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আৰু ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া প্ৰতিভা মেশ্ৰম, চক্ৰ বিষয়া, বিডিঅ' আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ স’তে শোণিতপুৰ জিলাৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত,জিলা পৰিষদৰ নতুন সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ বাবে এক সংবাদ মেলত এই তথ্য সদৰি কৰে৷

তেজপুৰৰ গাভৰু উন্নয়ন খণ্ড আৰু ৰঙাপৰা উন্নয়ন খণ্ডত দুখন নতুন পঞ্চায়ত গঠনৰো প্ৰস্তাৱ দাখিল কৰা হৈছে ৷ আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে যে সমষ্টিৰ সীমা-নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰী কৰা নীতি-নির্দেশণা মর্মে তথা ভাৰতৰ নিৰ্বাচন আয়োগৰ জাননী অনুসৰি, জিলাখনৰ বিধানসভা-সমষ্টি অনুসৰি টাস্ক ফ’ৰ্চ সমূহে তৃণমূল পৰ্যায়ৰ পৰা পিএম গতিশক্তি পোৰ্টেলৰ যোগেদি সম্পূর্ণ কাম অতি নিয়াৰিকৈ সমাপ্ত কৰিছে আৰু এই খচৰা প্ৰস্তুত কৰা হৈছে। আনহাতে একোটা পঞ্চায়তকে ধৰি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ জনসংখ্যাক ভিত্তি কৰি এই সীমা নিৰ্ধাৰণ কৰা হৈছে ৷

ইপিনে খচৰা প্ৰকাশৰ পিছৰ কামখিনি চলাই নিয়াৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়াৰ বিষয়ে উল্লেখ কৰি আয়ুক্তজনে কয় যে,

১৮ ৰ পৰা ২০ ছেপ্টেম্বৰত জিলা আযুক্তৰ কাৰ্য্যালয়ত ব্যক্তিগত, ৰাজহুৱা দল-সংগঠনৰ এই সন্দৰ্ভত আবেদন গ্রহণ কৰা হ’ব ৷ তদুপৰি,১৯ ছেপ্টেম্বৰত সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ স’তে আলোচনা, ২২ ছেপ্টেম্বৰত ব্যক্তিগত, ৰাজহুৱা দল-সংগঠন সমূহৰ পৰা পোৱা অভাৱ, অভিযোগ আদিৰ আবেদন সমূহ ভালদৰে চালি জাৰি চাই শুনানিৰ দিন নির্ধাৰণ আৰু জাননী জাৰি কৰা হ’ব ৷ আয়ুক্তই কয় যে, ২৩ ৰ পৰা ২৫ ছেপ্টেম্বৰত বিধানসভা সমষ্টি ভিত্তিত ইতিমধ্যে গঠন হোৱা পাঁচ খন কমিটিৰ দ্বাৰা আবেদনৰ শুনানি গ্রহণ কৰা হ’ব আৰু ২৬ ছেপ্টেম্বৰতৰ যদি প্ৰয়োজন হয় সংশোধনী কৰা হ’ব তথা ২৭ ছেপ্টেম্বৰত চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব৷ এই সীমা নিৰ্ধাৰণৰ খচৰা প্ৰতিলিপি পঞ্চায়ত কাৰ্যালয়, ব্লক কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট সকলোৱে পঢ়িব পৰাকৈ উপলব্ধ হ'ব।

শোণিতপুৰ জিলাৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিৰ খচৰা প্ৰকাশৰ পিছত ২৩ পৰা ২৫ ছেপ্টেম্বৰলৈ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ বাবে আৰু শোণিতপুৰ জিলাৰ বিভিন্ন সংগঠন, ব্যক্তিৰ পৰা লাভ কৰা খচৰা সীমা নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰতিনিধিত্ব, পৰামৰ্শ, আপত্তিসমূহৰ নিষ্পত্তি, শুনানিৰ সভাপতিত্ব কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যালয় কক্ষ, শোণিতপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দায়িত্ব দিয়া হৈছে। সেই মতে, ঢেকিয়াজুলিৰ বাবে দ্যোতিভা বৰা,

বৰছলাৰ বাবে গৰ্গ মোহন দাস, তেজপুৰৰ বাবে কবিতা কাকতি কোঁৱৰ, ৰঙাপৰাৰ বাবে টৱাহিৰ আলম, নদুৱাৰৰ বাবে ৰাজ বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে৷

উল্লেখযোগ্য যে, এই খচৰাত চতিয়া উন্নয়ন খণ্ডৰ চাৰিখন গাঁও পঞ্চায়ত শোণিতপুৰত অন্তৰ্ভুক্ত হোৱাৰ উপৰি এখন আঞ্চিলক পঞ্চায়ত আৰু এখন জিলা পৰিষদো শোণিতপুৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande