শোণিতপুৰত  অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ
শোণিতপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক সামৰি অৰুণোদয় ৩ .০ আচঁনিৰ আজি শুভাৰম্ভ কৰা হয়। জিলা খনৰ পাঁচটা বিধান সভা সমষ্টিত মন্ত্ৰী -বিধায়ক আৰু জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠ
অৰুণোদয় ৩ .০ আচঁনিৰ শুভাৰম্ভ


অৰুণোদয় ৩ .০ আচঁনিৰ শুভাৰম্ভ


অৰুণোদয় ৩ .০ আচঁনিৰ শুভাৰম্ভ


অৰুণোদয় ৩ .০ আচঁনিৰ শুভাৰম্ভ


শোণিতপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক সামৰি অৰুণোদয় ৩ .০ আচঁনিৰ আজি শুভাৰম্ভ কৰা হয়। জিলা খনৰ পাঁচটা বিধান সভা সমষ্টিত মন্ত্ৰী -বিধায়ক আৰু জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয়। আজি লোক সেৱা ভৱন দিশপুৰৰ পৰা ৰাজ্যজুৰি অৰুণোদয় ৩.০ ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

ইয়াৰ সৈতে সংগতি ৰাখি শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত অৰুণোদয় ৩.০ ক্ৰমে ৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ভোটপৰা ষ্টেডিয়ামত, ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বুৱে কেহেৰুখণ্ডা ৰংগমঞ্চত, ৬৭ নং তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই চাৰ্চ ফিল্ডত, ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ফুলবাৰী বাণিজ্যিক মেলা প্ৰেক্ষাগৃহত আৰু ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰি বহাগী মেলা বাকৰিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

আজিৰ অনুষ্ঠান সমূহৰ নদুৱাৰত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰত শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া কৰণ আৰু বৰছলা, ঢেকীয়াজুলি, ৰঙাপৰাত অতিৰিক্ত আয়ুক্তত্ৰয় ক্ৰমে গৰ্গ মোহন দাস, কবিতা কাকতি কোঁৱৰ আৰু টৱাহিৰ আলম উপস্থিত থকাৰ লগতে ৰাজহ চক্ৰ বিষয়া সকলো উপস্থিত থাকে।

অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে শোণিতপুৰ জিলাৰ প্ৰায় ১ লাখ ৪৭ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ’ব । এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে নিকতৱৰ্তী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, গাওঁ পঞ্চায়তৰ কাৰ্যালয় আৰু পৌৰসভা কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি হিতাধিকাৰী সকলে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব।

উল্লেখযোগ্য যে অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনত পুনৰ ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী হিতাধিকাৰী নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু শোণিতপুৰ জিলাই মুঠ ৬৭,৫০০ খন ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ সুযোগ লাভ কৰিছে আৰু এই নতুন ৰেচন কাৰ্ড/হিতাধিকাৰী সমূহ জিলাখনৰ পাঁচটা বিধানসভা সমষ্টি অনুযায়ী ভাগ কৰি দিয়া হ'ব যিটো প্ৰতি সমষ্টিৰ গড়ে প্ৰায় ১৩ হাজাৰকৈ পৰিব।

পিছত প্ৰতিটো সমষ্টিৰ বিপৰীতে ১৩ হাজাৰকৈ পুনৰ সংযোজিত হ'ব। বৰ্তমানলৈ শোণিতপুৰ জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ চনৰ অধীনত মুঠ ২ লাখ ৪৪ হাজাৰ ৭৯৯ খন ৰেচন কাৰ্ড হিতাধিকাৰীয় লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande