নাৰায়ণপুৰত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান
লক্ষীমপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি নাৰায়ণপুৰতো অৰুণোদয় ৩.০ আচনিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় ৷ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ মাজতে বিহপুৰীয়া সমষ্টিবাসীৰ মাজত স্থানীয় প্ৰশাসনৰ উদ্যোগত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ
নাৰায়ণপুৰত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান


লক্ষীমপুৰ, ১৯ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি নাৰায়ণপুৰতো অৰুণোদয় ৩.০ আচনিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় ৷ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ মাজতে বিহপুৰীয়া সমষ্টিবাসীৰ মাজত স্থানীয় প্ৰশাসনৰ উদ্যোগত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ কৰা হয় ৷

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই সমষ্টিবাসীক সম্বোধন কৰি আচঁনিখনৰ শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰা অনুষ্ঠান ভাৰ্চুৱেলী প্ৰচাৰ কৰা হয়৷ ইফালে মুৰত প্ৰখৰ ৰ’দ লৈ সমষ্টিটোৰ মহিলাসকলে মুখ্যমন্ত্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান উপভোগ কৰে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande