অৰুণোদয় ৩.০ -বৰ্তমানৰ হিতাধিকাৰীসকলেও কৰিব লাগিব নতুনকৈ আবেদন
গুৱাহাটী, ১৯ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যজুৰি আজি শুভাৰম্ভ কৰা হয় ‘অৰুণোদয় ৩.০’ আঁচনি খন। আজি দিনৰ ১১ বজাত লোকসেৱা ভৱনত ‘অৰুণোদয় ৩.০’ আঁচনিৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ‘অৰুণোদয় ৩.০’ আঁচনিৰ শুভাৰম্ভ কৰি মুখ্
অৰুণোদয়


গুৱাহাটী, ১৯ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যজুৰি আজি শুভাৰম্ভ কৰা হয় ‘অৰুণোদয় ৩.০’ আঁচনি খন। আজি দিনৰ ১১ বজাত লোকসেৱা ভৱনত ‘অৰুণোদয় ৩.০’ আঁচনিৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ‘অৰুণোদয় ৩.০’ আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সবাতোকৈ শক্তিশালী আঁচনি বুলি অভিহিত কৰে। ১৮ খন আঁচনিৰ অন্যতম অৰুণোদয় আঁচনি। ইযাৰ অধীনত প্ৰতিটো সমষ্টিত সংযোজন হ’ব ১০ হাজাৰকৈ অধিক হিতাধিকাৰী। এই আঁচনিৰ অধীনত ৩৭.২ লাখলৈ বৃদ্ধি পাব হিতাধিকাৰীৰ সংখ্যা। পিএম জন ধন একাউণ্টেৰে লাভ কৰে এই ধনৰাশি। প্ৰথমে এই ধনৰাশিৰ পৰিমাণ আছিল ৮৩০ টকা। ক’ভিডৰ সময়ত ১৭০ টকা বৃদ্ধি কৰা হৈছিল ধনৰাশি। বৰ্তমান আৰু ২৫০ টকা বৃদ্ধি কৰা হৈছে এই ধনৰাশি। বৰ্তমান হিতাধিকাৰীয়ে লাভ কৰিব ১,২৫০ টকাকৈ।

উল্লেখযোগ্য যে, এইবাৰ ‘অৰুণোদয় ৩.০’ আঁচনিৰ বাবে প্ৰায় ১০ লাখ আবেদন গ্ৰহণ কৰিছিল চৰকাৰে। এইবাৰৰ পৰা নতুনকৈ ১২.৬০ লাখ পৰিয়ালে পাব এই আঁচনিৰ ধন। মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পুনৰ আবেদন কৰিব লাগিব। আনহাতে হিতাধিকাৰীৰ থাকিব লাগিব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি অথবা গাড়ী থাকিলে হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা নাপাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে এইবাৰ ৩২.৭ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ‘অৰুণোদয় ৩.০’ আঁচনিৰ ধন। ৰেচন কাৰ্ড নাথাকিলে নাপাব অৰুণোদয়ৰ সুবিধা। আনহাতে যোগ্য মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে ৪৫ বছৰ উৰ্দ্ধৰ বিধৱা মহিলাই আবেদন কৰিব পাৰিব। অবিবাহিতা, বিবাহ বিচ্ছেদিত মহিলায়ো পাব আঁচনিৰ ধন। একেদৰে অকলশৰীয়া মহিলা এই আঁচনিত দ্বাৰা লাভাম্বিত হ’ব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলায়ো আবেদন কৰিব পাৰিব। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমৰ মহিলায়ো পাব সুবিধা। বৃদ্ধা/ ৰুগীয়া মহিলায়ো এই আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব। এইক্ষেত্ৰত আবেদনকাৰীৰ মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হ’ব লাগিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande