মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক বিৰোধিতা
ডিব্ৰুগড়, ১৯ছেপ্টেম্বৰ (হি.স.)। মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৰকাৰে খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক চক্ৰান্ত আখ্যা আৰু বিৰোধিতা মৰাণৰ ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ। মৰাণৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনত আজি ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন একত
মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক বিৰোধিতা


ডিব্ৰুগড়, ১৯ছেপ্টেম্বৰ (হি.স.)। মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৰকাৰে খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক চক্ৰান্ত আখ্যা আৰু বিৰোধিতা মৰাণৰ ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ। মৰাণৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনত আজি ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ এখনি সংবাদমেল সম্বোধন কৰে।

বিশেষকৈ মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৰকাৰে খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ চক্ৰান্ত ক বিৰোধিতা কৰে ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে। লগতে স্মাৰ্ট মিটাৰ আৰু অবৈধ মিঞাৰ বিৰোধিতাৰ লগতে কেইবাটাও দাবীৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে সংগঠন কেইটাৰ নেতৃত্বই। অতি শীঘ্ৰে চৰকাৰে দাবীসমূহ সমাধান নকৰে তেন্তে অনাগত দিনত হ'ব লগীয়া পৰিস্থিতিৰ বাবে জগৰীয়া হব চৰকাৰ কিম্বা প্ৰশাসন বুলিও সকীয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande