মানি ট্ৰেডিং কেলেংকাৰিৰ তদন্ত উচ্চন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰাৰ দাবী শোণিতপুৰ কংগ্ৰেছৰ
শোণিতপুৰ, ১৮ছেপ্টেম্বৰ (হি.স.)। মানি ট্ৰেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিবিআইৰ লগতে উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ ওপৰত ন্যস্ত কৰাৰ দাবী জনাইছে শোণিতপুৰ কংগ্ৰেছে ৷ তেজপুৰত বুধবাৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত মানি ট্ৰেডিং কেলেংকাৰিৰ উচিত ত
মানিট্ৰেডিং কেলেংকাৰিৰ তদন্ত উচ্চন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰাৰ দাবী শোণিতপুৰ কংগ্ৰেছৰ


মানিট্ৰেডিং কেলেংকাৰিৰ তদন্ত উচ্চন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰাৰ দাবী শোণিতপুৰ কংগ্ৰেছৰ


শোণিতপুৰ, ১৮ছেপ্টেম্বৰ (হি.স.)। মানি ট্ৰেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিবিআইৰ লগতে উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ ওপৰত ন্যস্ত কৰাৰ দাবী জনাইছে শোণিতপুৰ কংগ্ৰেছে ৷ তেজপুৰত বুধবাৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত মানি ট্ৰেডিং কেলেংকাৰিৰ উচিত তদন্তৰ দাবীৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দেবেন্দৰ সিং মহুৱাৰ পুত্তলিকাও দাহ কৰে কংগ্ৰেছে ৷ ৰাহুল গান্ধীক আইতাকৰ দৰেই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছতো আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু নকৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে লগতে কয় যে, বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰক হত্যা কৰা হৈছে সেয়া এই ঘটনাই প্ৰমাণ ৷

আনহাতে, চিবিআইৰ তদন্তৰ প্ৰতি আস্থা নাই বুলি প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশকো এই তদন্তৰ দায়িত্ব অৰ্পণৰ দাবী জনোৱা কংগ্ৰেছে মানি ট্ৰেডিঙৰ জৰিয়তে সাধাৰণ ৰাইজৰ হেজাৰ হেজাৰ কোটি টকাৰ লুণ্ঠন হোৱা বুলি অভিযোগ কৰে ৷ এই কেলেংকাৰিৰে বহু বিজেপি নেতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীও জড়িত থকা বুলি অভিযোগ কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি বৰকাকতিয়ে ৷ বিজেপি চৰকাৰ হাই হাই,বিজেপি লেই লেই চেই চেই আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলা এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী ৰ লগে ভালেসংখ্যক স্হানীয় কংগ্ৰেছ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত শোণিতপুৰৰ আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে জিলা কংগ্ৰেছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande