কাশিয়াবাৰীত বিপিএফৰ বিশাল যোগদান কাৰ্য্যসূচী
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত সহশ্ৰাধিক পুৰুষ-মহিলাৰ বিপিএফত যোগদান ।
কাশিয়াবাৰীত বিপিএফৰ বিশাল যোগদান কাৰ্য্যসূচী


কোকৰাঝাৰ, ১৮ ছেপ্টেম্বৰ (হি.স.): বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাজতে এবছৰ আছে যদিও আজি গোসাইগাঁও মহকুমাৰ কাশিয়াবাৰীত বিপিএফ দলে বিশাল যোগদান কাৰ্য্যসূচীৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী ৰণশিঙা বজায় ৷ মহিলাৰীয়ে কয় যে বিটিচিত বড়ো জনগোষ্ঠী একত্ৰিত হোৱাৰ স্বাৰ্থত বিপিএফ-ইউ পি পি এল একত্ৰিত হ’ব লাগে বুলি এবছু-ইউ পি পি এলৰ প্ৰস্তাৱক আমি সমৰ্থন জনাইছো ৷ ইয়াৰ বাবে বিপিএফৰ তিনিজন প্ৰতিনিধি নিযোগ কৰা হৈছে ৷ কিন্তু আলোচনাৰ কথা কৈ ইউ পি পি এল দলে ৰাজনিতী কৰি আছে ৷

ইউ পি পি এল দলে এতিয়া বিপিএফ-ইউ পি পি এল একত্ৰিত হ’ব বুলি ৰাইজৰ আগত প্ৰকাশ কৰি ৰাইজক ইউ পি পি এল যোগদান কৰাৰ চেষ্টা চলাইছে ৷ এয়া কেতিয়াও মানি লোৱা নহয় ৷ বড়ো ৰাইজৰ স্বাৰ্থত একত্ৰিত হোৱাত বাধা নাই কিন্তু ৰাজনীতি মানি লোৱা নহয় বুলি মহিলাৰীয়ে প্ৰকাশ কৰে ৷ মহিলাৰীয়ে ইউ পি পি এল, বিজেপি-কংগ্ৰেছৰ আদি বিভিন্ন দল সংগঠনৰ পৰা ৩৬৯৯ গৰাকী পুৰুষ-মহিলাক দলীয় প্ৰতিক আৰু ফুলাম গামোছাৰে দলত আদৰনী জনায় ৷

উল্লেখ্য য়ে উক্ত অনুষ্ঠানত বিগত পৰিষদীয় নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদন্দিতা কৰা বিজেপি নেতা উইলিয়াম নাৰ্জাৰী বিপিএফ দলত যোগদান কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande