সোণাপুৰৰ কচুতলি এৰিছে উচ্ছেদিতই
গুৱাহাটী, ১৬ ছেপ্তেম্বৰ (হি.স.)। সোণাপুৰৰ কচুতলীত দেখা গৈছে অন্য এক পৰিবেশ। বৃহস্পতি বাৰে হৈ যোৱা ৰক্তাত্য পৰিবেশৰ পিছতে শুক্ৰবাৰে পুনৰ তিনিদিনৰ সময়সীমা নিৰ্ধাৰণ কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধ ভাৱে বসবাস কৰি থকা লোক সকলক
সোণাপুৰৰ কচুতলি এৰিছে উচ্ছেদিতই


গুৱাহাটী, ১৬ ছেপ্তেম্বৰ (হি.স.)। সোণাপুৰৰ কচুতলীত দেখা গৈছে অন্য এক পৰিবেশ। বৃহস্পতি বাৰে হৈ যোৱা ৰক্তাত্য পৰিবেশৰ পিছতে শুক্ৰবাৰে পুনৰ তিনিদিনৰ সময়সীমা নিৰ্ধাৰণ কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধ ভাৱে বসবাস কৰি থকা লোক সকলক ঘৰবাৰী ত্যাগ কৰি যাবলৈ দিছিল নিৰ্দেশ।

তাৰ পিছতে উক্ত অঞ্চলৰ লোক সকলে সপোনৰে সজা ঘৰখন নিজ হাতেৰে ভাঙি শোকত ভাগি পৰিছে। তেওঁলোকৰ দাবী আমি বিদেশী নহয় অসমৰে বাসিন্দা। প্ৰয়োজনীয় সকলো নথি আছে আমাৰ লগত। তথাপিও প্ৰশাসনৰ নিৰ্দেশক সন্মান জনাই আমি বছৰ বছৰ ধৰি বসবাস কৰি থকা ঠাই এৰি আজি যাবলৈ ওলাইছো। আমি সন্দেহ যুক্ত নাগৰিক নহয় আমি বৈধ ভাৰতীয়।এচাম দল সংগঠনে আমাক সন্দেহ যুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি সংবাদ মাধ্যমত চিঞৰ বাখৰ কৰিছে যাৰ বাবে আমি এতিয়া থাকিলেও বিপদ আৰু এই ঠাই এৰি গলেও বিপদ। থাকিলে প্ৰশাসনে বেয়া পাই গলেও বিদেশী বুলি কয় এতিয়া আমি কি কৰিম নিৰুপায়। এনেদৰে একাংশ উচ্ছেদিত আজি নিজৰ ঘৰ বাৰি এৰি আন ঠাইলৈ যাবলৈ ধৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande