সোণাপুৰত আৱতৰীয়া দেৱালী, মুখ্যমন্ত্ৰীক ধন্যবাদ আদিত্য খাকলাৰীৰ
গুৱাহাটী, ১৬ ছেপ্তেম্বৰ (হি.স.)। সোণাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমিত বসবাস কৰা সন্দেহজনক লোকক উচ্ছেদৰ পাছতে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰালে ট্ৰাইবেল সংঘ‌ই। অবৈধ বেদখলকাৰীক উচ্ছেদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা পদক্ষেপ
সোণাপুৰত আৱতৰীয়া দেৱালী


গুৱাহাটী, ১৬ ছেপ্তেম্বৰ (হি.স.)। সোণাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমিত

বসবাস কৰা সন্দেহজনক লোকক উচ্ছেদৰ পাছতে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰালে

ট্ৰাইবেল সংঘ‌ই।

অবৈধ বেদখলকাৰীক উচ্ছেদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা পদক্ষেপৰ বাবে

হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন জনালে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

আজি এই বিজয় উৎসৱত উপস্থিত থাকে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ

বিষয়ববীয়াৰ লগতে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী। খাকলাৰীয়ে

উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে

কচুতলীৰ দৰে আন ট্ৰাইবেল বেল্ট আৰু ব্লকতো শীঘ্ৰে অনুৰূপ উচ্ছেদ কৰিব লাগে বুলিও

দাবী জনায়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande