ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ খেলুৱৈ সকলৰ সুনাম অৰ্জন
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) খেলুৱৈসকলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৰাষ্ট্ৰীয় মঞ্চত ধাৰাবাহিকভাৱে সুনাম কঢ়িয়াই আনিছে। শেহতীয়াকৈ ১১ ৰ পৰা ১৩ ছেপ্টেম্বৰ ২০২৪ লৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী চা
ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ খেলুৱৈ সকলৰ সুনাম অৰ্জন


গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) খেলুৱৈসকলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৰাষ্ট্ৰীয় মঞ্চত ধাৰাবাহিকভাৱে সুনাম কঢ়িয়াই আনিছে। শেহতীয়াকৈ ১১ ৰ পৰা ১৩ ছেপ্টেম্বৰ ২০২৪ লৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী চাইক্লিং ভেলোড্ৰমত অনুষ্ঠিত হোৱা ৬১ তম সৰ্বভাৰতীয় আন্তঃ ৰেলৱে ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪-ত,উত্তৰ পূব সীমান্ত ৰেলৱে চাইকেল দলে ট্ৰেক চাইক্লিঙৰ আঠটা পৃথক ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

উত্তৰ পূব সীমান্ত ৰেলৱে দলে ৪৮ পইণ্টৰ সৈতে টীম চেম্পিয়নশ্বিপ (মেন ইভেণ্টছ)ত শ্ৰেষ্ঠ দলচেম্পিয়নশ্বিপ খিতাপ লাভ কৰে আৰু তাৰ পিছতেই ক্ৰমে ৩৪ পইণ্টৰ সৈতে দক্ষিণ পশ্চিম ৰেলৱে, ৩১ পইণ্টৰ সৈতে উত্তৰ ৰেলৱে আৰু ১৯ পইণ্টৰ সৈতে উত্তৰ পশ্চিম ৰেলৱেই এই সন্মান অৰ্জন কৰে। ব্যক্তিগত শ্ৰেণীৰ ইভেণ্টত,এল. ৰোনাল্ডো সিঙে ৫০০মিটাৰ স্প্ৰিণ্ট ইভেণ্টত স্বৰ্ণ পদক,ৱাই ৰোজিৎ সিঙে ১কিলোমিটাৰ টাইম ট্ৰায়েল ইভেণ্টত স্বৰ্ণ আৰু মনজিৎ কুমাৰে ৪কিলোমিটাৰ পাৰচুইট ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে। দলীয় প্ৰতিযোগিতাত এল ৰোনাল্ডো সিং,মনজিৎ কুমাৰ,ৱাই ৰোজিৎ সিং,দিনেশ আৰু ৰামেশ্বৰ লালে ৪ কিলোমিটাৰ পাৰচুইট ইভেন্টত স্বৰ্ণ আৰু টীম স্প্ৰিণ্ট ইভেণ্টত ৱাৰিশ্বদীপ সিং,এল ৰোনাল্ডো সিং আৰু ৱাই ৰোজিৎ সিঙে স্বৰ্ণ পদক অৰ্জন কৰে।

আন এটা ইভেণ্টত, ভাৰতীয় ৰে'লৱেৰ মহিলা দলে মেংগালুৰুত অনুষ্ঠিত ছিনিয়ৰ নেচনেলচ একুৱাটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি ৪.১.৮৩ ছেকেণ্ডৰ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাৰ দুগৰাকী সাঁতোৰ বিদ মিছ আস্থা চৌধুৰী আৰু মিছ শিৱাংগী শৰ্মা ভাৰতীয় ৰে'লৱে মহিলা টীমৰভিতৰত আছিল যিয়ে ৰেকৰ্ড সময়ৰ সৈতে স্বৰ্ণ লাভ কৰি ভাৰতীয় ৰে'লৱেৰ বাবে এক অভিলেখ গঢ়ি তোলাত সহায় কৰিছিল। ব্যক্তিগত শ্ৰেণীত, মিছ আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাইত স্বৰ্ণ আৰু ২০০মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

এই সাফল্যসমূহ হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে খেলুৱৈসকলক প্ৰদান কৰা উন্নত প্ৰশিক্ষণ আৰু আধুনিক আন্তঃগাঁথনিৰ পৰিণাম। মুখ্য পৃষ্ঠপোষক হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে খেলুৱৈসকলক কৰা সাহাৰ্য আৰু তেওঁলোকৰ বাবে অত্যাধুনিক উন্নত প্ৰশিক্ষণ আন্তঃগাঁথনি প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande