সৰুপথাৰৰ চুঙাজানত পিতৃৰ আক্ৰমণত আহত দুগৰাকী কন্যা
গোলাঘাট, ০৭ ছেপ্তেম্বৰ (হি.স.)। সৰুপথাৰৰ চুঙাজানত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ।পিতৃয়ে দাৰে ঘপিয়ালে নিজ কন্যাক। চুঙাজান ২ নং মৰাজান গাঁওত উক্ত ঘটনা সংঘটিত হয় । দেউতাক প্ৰদীপ মেচে চোকা অস্ত্ৰৰে দুজনী জীয়ৰী অনন্যা মেচ আৰু প্ৰিয়াংন্সি মেচক ঘপিয়াই
সৰুপথাৰৰ চুঙাজানত পিতৃৰ আক্ৰমণত আহত দুগৰাকী কন্যা


গোলাঘাট, ০৭ ছেপ্তেম্বৰ (হি.স.)। সৰুপথাৰৰ চুঙাজানত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ।পিতৃয়ে দাৰে ঘপিয়ালে নিজ কন্যাক। চুঙাজান ২ নং মৰাজান গাঁওত উক্ত ঘটনা সংঘটিত হয় ।

দেউতাক প্ৰদীপ মেচে চোকা অস্ত্ৰৰে দুজনী জীয়ৰী অনন্যা মেচ আৰু প্ৰিয়াংন্সি মেচক ঘপিয়াই পলায়ন।

পিতৃৰ দাৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাতপ্রাপ্ত ২ গৰাকী কন্যা বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন ।

আঘাতপ্রাপ্ত দুয়োগৰাকী কন্যা এগৰাকী গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ দ্বাদশ শ্রেণীৰ ছাত্রী আৰু আন গৰাকী অঞ্জলি বৰবৰা মেম'ৰিয়েল একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । ঘটনা সংঘটিত কৰা কন্যা দুগৰাকীৰ পাষাণ পিতৃক বৰ্তমানও গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande