নাহৰকটীয়াৰ চৰকাৰী বেচৰকাৰী ঠিকাদাৰী প্ৰতোষ্ঠানত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধৰ দাবীত প্ৰতিবাদ
ডিব্ৰুগড়, ০৭ ছেপ্তেম্বৰ (হি.স.)। নাহৰকটীয়াৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্যত সন্দেহজনক শ্ৰমিকৰ সং স্থাপন বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।শনিবাৰে নাহৰকটীয়া নগৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰৱ
নাহৰকটীয়াৰ চৰকাৰী বেচৰকাৰী ঠিকাদাৰী প্ৰতোষ্ঠানত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধৰ দাবীত প্ৰতিবাদ


ডিব্ৰুগড়, ০৭ ছেপ্তেম্বৰ (হি.স.)। নাহৰকটীয়াৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্যত সন্দেহজনক শ্ৰমিকৰ সং স্থাপন বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।শনিবাৰে নাহৰকটীয়া নগৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

নাহৰকটীয়াৰ বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানত সন্দেহযুক্ত শ্ৰমিকৰ সংস্থাপন বন্ধ কৰি ১০০শতাংশ থলুৱা শ্ৰমিকক নিয়োগ কৰাৰ লগতে নাহৰকটীয়াৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ নামফলক সমূহ অসমীয়া ভাষা ব্যৱহাৰ কৰা দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ।এই প্ৰতিবাদী কাৰ্যসূচীত নাহৰকটীয়া মিস্ত্ৰী সন্থা,জাতীয় শ্ৰমিক পৰিষদে সহযোগিতা আগবঢ়ায়। সংগঠনটোৱে নাহৰকটীয়াৰ নিৰ্মাণৰত ঠিকাদাৰী প্ৰতিষ্ঠানত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধৰ দাবী জনাই জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande