পুনৰ ৰাজ্যত ভয়ংকৰ অপকৰ্মৰ অপচেষ্টা
হোজাই, ০৭ ছেপ্তেম্বৰ (হি.স.)। পুনৰ ৰাজ্যত ভয়ংকৰ অপকৰ্মৰ অপচেষ্ঠা । তৃতীয় শ্ৰেণীৰ ছাত্ৰী লগত দুষ্ট কৰ্মৰ চেষ্টা এজন যুৱকৰ ।লামডিং এখন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰীক বলপূৰ্বক ভাৱে এজন যুৱকে অটোত উঠোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহে । লামডিং বজাৰতে থকা বি
পুনৰ ৰাজ্যত ভয়ংকৰ অপকৰ্মৰ অপচেষ্টা


হোজাই, ০৭ ছেপ্তেম্বৰ (হি.স.)। পুনৰ ৰাজ্যত ভয়ংকৰ অপকৰ্মৰ অপচেষ্ঠা । তৃতীয় শ্ৰেণীৰ ছাত্ৰী লগত দুষ্ট কৰ্মৰ চেষ্টা এজন যুৱকৰ ।লামডিং এখন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰীক বলপূৰ্বক ভাৱে এজন যুৱকে অটোত উঠোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহে ।

লামডিং বজাৰতে থকা বিদ্যালয়খনলৈ আহি থকা সময়তে কণমানি কিশোৰী গৰাকীক অপহৰণ কৰাৰ চেষ্টা চলাইছিল লামডিঙৰ এজন যুৱকে ।অটোত তুলি লৈ যোৱা সময়তে কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত বিদ্যালয়ৰ শিক্ষক আৰু ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে কিশোৰী গৰাকী। আনফালে ঘটনা সংঘটিত কৰা যুৱক জনক ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে । যুৱকজনক লামডিং আপাৰ বাবুপত্তীৰ নাৰায়ন ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande