গোলকগঞ্জ আৰক্ষীৰ জালত এগৰাকী প্ৰৱঞ্চক
গোলকগঞ্জ আৰক্ষীৰ জালত এগৰাকী প্ৰৱঞ্চক।
গোলকগঞ্জ আৰক্ষীৰ জালত এগৰাকী প্ৰৱঞ্চক


ধুবুৰী, ০৬ ছেপ্টেম্বৰ (হি.স.): অনলাইন ট্ৰেডিংৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলকগঞ্জ আৰক্ষী। গোলকগঞ্জ আৰক্ষীৰ জালত এগৰাকী প্ৰৱঞ্চক। ছেবিৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ষ্টকচ ট্ৰেডিং ( Stoks trading) ৰ ব্যৱসায় চলোৱা এজন ব্যক্তিক গোলকগঞ্জত আটক কৰা হৈছে। প্ৰৱঞ্চকজনে সহস্ৰাধিক লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে বিদেশী ইউবিট কইন (UBIT COIN)ৰ নামৰ বহিঃৰাজ্যৰ কম্পানীয়ে লুটিলে ৰাইজৰ পৰা লাখ লাখ টকা । গোলকগঞ্জৰ বতুৱাতুলি গাঁৱৰ আনোৱাৰ হুছেইন নামৰ প্ৰৱঞ্চক জনে টকা দুগুণ কৰি দিয়াৰ প্রলভনে ৰাইজৰ পৰা লুটিল লাখ লাখ টকা । ধৃত আনোৱাৰ হুছেইনে ইউবিট কইন ত ১০ টাকৈ আইডি খোলাৰ তথ্য পোৱা গৈছে । নিজৰ পত্নী, কন্যা আৰু পুত্ৰৰ নামতো আইডি খুলি চলাইছিল ব্যৱসায়। গোলকগঞ্জ আৰক্ষীৰ এটি দলে বতুৱাতুলিৰ পৰা আটক কৰি ধুবুৰী জিলা আদালতলৈ প্ৰেৰণ কৰে যদিও অধিক তথ্য সংগ্ৰহৰ বাবে গোলকগঞ্জ আৰক্ষীয়ে পুলিচ ৰিমাইণ্ডত লৈ আনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande