তেজপুৰৰ মাজগাঁও বৰ নামঘৰত চুৰিকাণ্ডঃ নগদ ধন আৰু ৰূপৰ সামগ্ৰী চুৰি
শোণিতপুৰ, ০৫ ছেপ্টেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ নিশাই তেজপুৰৰ ঐতিহ্যমণ্ডিত মাজগাঁও বৰনামঘৰত চোৰে প্ৰৱেশ কৰি নগদ ধন সহ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ ঘটনাই বৃহত্তৰ মাজগাঁও অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লে
তেজপুৰৰ মাজগাঁও বৰ নামঘৰত চুৰিকাণ্ডঃ নগদ ধন আৰু ৰূপৰ সামগ্ৰী চুৰি


শোণিতপুৰ, ০৫ ছেপ্টেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ নিশাই তেজপুৰৰ ঐতিহ্যমণ্ডিত মাজগাঁও বৰনামঘৰত চোৰে প্ৰৱেশ কৰি নগদ ধন সহ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ ঘটনাই বৃহত্তৰ মাজগাঁও অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে,মাজগাঁও অঞ্চলত বিগত ভালেমাহ চোৰৰ উপদ্ৰৱ অব্যাহত আছে ৷ আনকি মাজগাঁও বৰ নামঘৰতো চোৰে ইয়াৰ পূৰ্বে প্ৰৱেশ কৰাৰ উপৰি কিছুদিন পূৰ্বে তেজপুৰ কলেজিয়েট বাকৰিৰ কাষৰে চিত্ৰলেখা নামঘৰৰ তলা ভাঙি চোৰে শৰাই আদি চুৰি কৰি নিছিল৷ এনে পৰিস্থিতিৰ মাজতে যোৱা নিশা চোৰে মাজগাঁও বৰনামঘৰত চোৰে চুৰি কাৰ্য সংঘটিত কৰে।

ঐতিহ্যমণ্ডিত নামঘৰটোৰ কাৰ্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰা চোৰে লোৰ আলমিৰাৰৰ পৰা নগদ ছয় হেজাৰ টকা সহ ৰূপৰ চাকি, ৰূপৰ চেইন আদিও চুৰ কৰি নিয়ে। বৃহস্পতিবাৰে পুৱা গোপিনীয়ে নামঘৰ নিকাকৰণ বাবে উপস্থিত হোৱাৰ সময়ত এই ঘটনা পোহৰলৈ আহে। চোৰে ইয়াৰ উপৰিও দানপত্ৰ ভাঙি ইয়াত থকা টকা পইচা লৈ যোৱাৰ উপৰি কাৰ্যালয়ৰ আলমিৰাৰ বস্ত্ৰ, কাগজ পত্ৰ আদিও লণ্ডভণ্ড কৰি থৈ যায়।

ইতিমধ্যে ঘটনা সংক্ৰান্তত বৰনামঘৰ পৰিচালনা সমিতিয়ে স্হানীয় মহাভৈৰৱ আৰক্ষী চকীত গোচৰ দিয়াৰ বিপৰীতে আৰক্ষী নামঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। ইফালে এই চুৰিৰ ঘটনাত মৰ্মাহত হৈ পৰা ধৰ্মপ্ৰাণ ৰাইজে চোৰৰ সুমতি কামনা কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande