শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। এখন তীব্ৰবেগী বাহনে যোৱানিশা অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত এগৰাকী মহিলাক মহতিয়াই নিয়াত মহিলাগৰাকী থিতাতে নিহত হয় ৷
উল্লেখযোগ্য যে, এএছ ১২ এএফ ৬৪১৮ নম্বৰৰ দ্ৰুতবেগী বাহন খনে লক্ষী মুণ্ডা(৪৫) নামৰ মহিলাগৰাকীক খুন্দা মাৰে ৷ স্থানীয় মহিলাগৰাকী ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ