বুলিয়ন বজাৰত ৰূপ ব্যয়বহুল, সোণৰ সমতল বজাৰ
নতুন দিল্লী, ১০ ছেপ্টেম্বৰ (হি.স.)। আজি ঘৰুৱা বুলিয়ন বজাৰত সোণৰ ব্যৱসায় সমতল স্তৰত চলি আছে। আজি এই হালধীয়া চিকচিকিয়া ধাতুৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। আনহাতে, আজি প্ৰতি কেজি ৰূপৰ ৭০০ টকা উত্থান হৈছে। সমতল স্তৰৰ ব্যৱসায়ৰ বাবে দেশৰ প্ৰায়বোৰ বুলিয
বুলিয়ন বজাৰত প্ৰবল উত্থান, সোণ-ৰূপৰ জিলিকনি বৃদ্ধি


নতুন দিল্লী, ১০ ছেপ্টেম্বৰ (হি.স.)। আজি ঘৰুৱা বুলিয়ন বজাৰত সোণৰ ব্যৱসায় সমতল স্তৰত চলি আছে। আজি এই হালধীয়া চিকচিকিয়া ধাতুৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। আনহাতে, আজি প্ৰতি কেজি ৰূপৰ ৭০০ টকা উত্থান হৈছে। সমতল স্তৰৰ ব্যৱসায়ৰ বাবে দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ মূল্য এতিয়াও প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকাৰ পৰা ৭২,৮৬০ টকাৰ ভিতৰত ব্যৱসায় চলি আছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৬৬,৯৪০ টকাৰ পৰা ৬৬,৭৯০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দিল্লীৰ বুলিয়ন বজাৰত ৰূপৰ মূল্য প্ৰতি কেজিত ৮৫,১০০ টকাৰ স্তৰত উপনীত হৈছে।

দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৩,০১০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৬৬,৯৪০ টকা প্ৰতি ১০ গ্ৰামত ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৮৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৭৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৯১০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৮৪০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৮৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৭৯০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৮৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৭৯০ টকাৰ স্তৰলৈ আহিছে।

আজি লক্ষ্ণৌৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৯৪০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৯১০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৮৪০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৩,০১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৯৪০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৭২,৮৬০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৭৯০ টকাৰ মাত্ৰাত বিক্ৰী হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande