পাঁচ বছৰত হালধিৰ উৎপাদন দুগুণ কৰি ২০ লাখ টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য: গোৱেল
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মঙলবাৰে কয় যে ৰপ্তানি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন বজাৰ গঢ়ি তোলাত সহায় কৰিব আৰু অহা পাঁচ বছৰত উৎপাদন দুগুণ কৰি প্ৰায় ২০ লা
कार्यक्रम को संबोधित करते हुए वाणिज्य  मंत्री पीयूष गोयल


कार्यक्रम को संबोधित करते हुए वाणिज्य  मंत्री पीयूष गोयल


कार्यक्रम को संबोधित करते हुए वाणिज्य  मंत्री पीयूष गोयल


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মঙলবাৰে কয় যে ৰপ্তানি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন বজাৰ গঢ়ি তোলাত সহায় কৰিব আৰু অহা পাঁচ বছৰত উৎপাদন দুগুণ কৰি প্ৰায় ২০ লাখ টনলৈ বৃদ্ধি কৰিব।

আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে তেওঁ পল্লে গংগা ৰেড্ডীক ইয়াৰ প্ৰথম সভাপতি হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। এই ব’ৰ্ডৰ মুখ্য কাৰ্যালয় নিজামাবাদত স্থাপন কৰা হৈছে। দেশজুৰি উদযাপনৰ এক শুভ দিনত ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড উন্মোচন কৰা হৈছে বুলিও তেওঁ কয়।

তেওঁ আলোকপাত কৰে যে বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধিও ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডৰ অংশ হ’ব। ৰপ্তানিকাৰক আৰু উৎপাদক সংস্থাৰ প্ৰতিনিধিকো ব’ৰ্ডত সংযোজন কৰা হ’ব।

গোৱালে কয় যে হালধিক ‘গোল্ডেন স্পাইচ’ বুলিও জনা যায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি হালধি সন্দৰ্ভত সজাগতা বিস্তাৰ, ৰপ্তানিক উৎসাহিত কৰা আৰু এই খণ্ডৰ সৈতে জড়িত কৃষকৰ আয় বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে নৱগঠিত হালধি ব’ৰ্ডে সমগ্ৰ মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মধ্যপ্ৰদেশ, মেঘালয় আৰু আন ২০খন ৰাজ্যত বিয়পি থকা হালধি খেতিয়কৰ কল্যাণৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিব। তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত হালধি উৎপাদন বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে আৰু হালধি ব’ৰ্ড গঠনে দেশৰ হলুদ উৎপাদকসকলৰ আয় বৃদ্ধি কৰিব।

উল্লেখযোগ্য যে ভাৰত বিশ্বৰ ভিতৰতে হালধিৰ সৰ্বাধিক উৎপাদক, গ্ৰাহক আৰু ৰপ্তানিকাৰক দেশ। বিশ্ব বাণিজ্যত ভাৰতৰ অংশীদাৰিত্ব ৬২ শতাংশতকৈও অধিক। ২০২৩-২৪ বিত্তীয় বৰ্ষত ২২৬.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ ১.৬২ লাখ টন হালধি আৰু হালধিৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande