নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত সাধাৰণ জনতাক স্তম্ভিত কৰিব পৰা খবৰ। ডিচেম্বৰ মাহত পাইকাৰী মূল্য সূচকাংক (ডব্লিউপিআই) ভিত্তিক পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ২.৩৭ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ১.৮৯ শতাংশ হোৱাৰ বিপৰীতে অক্টোবৰ মাহত ২.৩৬ শতাংশ আছিল।
মঙলবাৰে প্ৰকাশ পোৱা তথ্যত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে পিঁয়াজ, আলু, কণী, মাংস, মাছ আৰু ফলমূলৰ পাইকাৰী মূল্য বৃদ্ধিৰ বাবে ডিচেম্বৰ মাহত ডব্লিউ পি আইৰ ভিত্তিত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ২.৩৭ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ নৱেম্বৰ মাহত ডব্লিউ পি আই ভিত্তিক মুদ্ৰাস্ফীতিৰ হাৰ ১.৮৯ শতাংশ হোৱাৰ বিপৰীতে ২০২৩ চনৰ ডিচেম্বৰ মাহত ০.৮৬ শতাংশ আছিল। খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি ২০২৪ চনৰ ডিচেম্বৰ মাহত ৮.৪৭ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে নৱেম্বৰ মাহত ৮.৬৩ শতাংশ আছিল। ডিচেম্বৰ মাহত শাক-পাচলিৰ মুদ্ৰাস্ফীতি ২৮.৬৫ শতাংশ হোৱাৰ বিপৰীতে নৱেম্বৰ মাহত ২৮.৫৭ শতাংশ আছিল। আলুৰ মুদ্ৰাস্ফীতি ৯৩.২০ শতাংশ উচ্চতম স্তৰত থকাৰ বিপৰীতে ডিচেম্বৰ মাহত পিঁয়াজৰ মুদ্ৰাস্ফীতি ১৬.৮১ শতাংশলৈ বৃদ্ধি পাইছে।
মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ডিচেম্বৰ মাহত শস্য, দালি, ঘেঁহুৰ দৰে খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছে। একেদৰে ডিচেম্বৰ মাহত ইন্ধন আৰু বিদ্যুতৰ মুদ্ৰাস্ফীতি ৩.৭৯ শতাংশলৈ হ্ৰাস পাইছে, যিটো নৱেম্বৰ মাহত ৫.৮৩ শতাংশ আছিল। ইয়াৰ উপৰিও নিৰ্মিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ২.১৪ শতাংশ হোৱাৰ বিপৰীতে নৱেম্বৰ মাহত ২ শতাংশ আছিল।
উল্লেখযোগ্য যে সোমবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি খাদ্যৰ মূল্য হ্ৰাস পোৱাৰ বাবে গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতি ২০২৪ চনৰ ডিচেম্বৰ মাহত চাৰি মাহৰ নিম্নতম ৫.২২ শতাংশলৈ নামি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া